Electricity Charges Hike : ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ ৰামটাঙোন

ডিচেম্বৰৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল

97b791b84b20d184453c150816fbc1e7

Electricity Charges Hike :

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু ইন্ধনৰ মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ মাধমাৰ সোধোৱা ৰাজ্যবাসীৰ ওপৰত এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে প্ৰতি ইউনিটত বিদ্যুৎৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে এপিডিচিএলে

মহানগৰীৰ পল্টনবজাৰ স্থিত বিজুল ভৱনৰ পৰা প্ৰাপ্ত খবৰ মতে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে প্ৰতি ইউনিটত অতিৰিক্ত ০.৭৯ টকা বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

আনহাতে এপিডিচিএলে স্পষ্ট কৰি দিয়ে যে এই বৃদ্ধি তিনিমাহৰ বাবে কাৰ্যকৰী হ’ব৷ বৰ্ধিত হাৰ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰিলৈকে কাৰ্যকৰী হৈ থাকিব।

আনহাতে এ পি ডি এলে জাৰি কৰা এক জাননীত উল্লেখ কৰে যে , ইন্ধন আৰু বিদ্যুত কিনাৰ ক্ষেত্ৰত অতিৰিক্ত খৰচ বহনৰ বাবেই এইদৰে মাচুল বৃদ্ধিৰ সিদ্ধান্ত কৰিবলৈ বাধ্য হয় এপিডিচিএল ৷

Exit mobile version