GMCH : গুৱাহাটী মেডিকেল কলেজ হাস্পতালতত অঘটন

হাস্পতালৰ ওপৰ মহলাৰ পৰা জঁপিয়ালে এজনে

gmch e1562120853853

GMCH :

শুক্ৰবাৰৰে পুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত এক অঘটন ৷ হাস্পতাল খনৰ ওপৰ মহলাৰ জপিয়ালে এজন লোকে৷ গুৰুত্বৰভাৱে আহত প্ৰায় ২৭বছৰীয়া বয়সৰ যুৱকজনৰ পৰিচয় জানিব পৰা নাই হাস্পতাল কৰ্তৃপক্ষই ৷

অতি সংকটজনক অৱস্থাত যুবকজনক চিকিৎসালয় জৰুৰীকালীন বিভাগত ভৰ্তি কৰা হৈছে ৷ প্ৰাপ্ত খবৰ মতে যুৱকজন কোনো ৰোগীৰ অভিভাৱক আছিল ৷

আজি পুৱা জিএম চি এইচৰ জৰুৰীকালীন কমপ্লেক্সৰ তলত যুৱক এজন তেজেৰে তুমৰলি হৈ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে হাস্পতাল চৌহদৰ একাংশ লোকে ৷ পিছত হাস্পতাল কৰ্তৃপক্ষক অৱগত কৰি ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়খনত ৷

ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো তথ্য সদৰি কৰাৰ পৰা বিৰত আছে হাস্পতাল কৰ্তৃপক্ষ ৷

Exit mobile version