Haryana : শ্ৰদ্ধা হত্যাকাণ্ডৰ অনুৰূপ ঘটনা হাৰিয়ানাত

জংঘলৰ মাজত পৰিত্যক্ত চুটকেচত উদ্ধাৰ মানৱ শৰীৰৰ অংশ বিশেষ, তীব্ৰ চাঞ্চল্য

surajkund

Haryana :

দেশ কপোৱা শ্ৰদ্ধা ৱালকাৰৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ পুনৰ আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে হাৰিয়ানাত ৷

বৃহস্পতিবাৰে হাৰিয়ানাৰ ফৰিদাবাদৰ সুৰজকুণ্ডৰ বনাঞ্চলত পৰিত্যক্ত চুটকেচ এটাৰ ভিতৰত উদ্ধাৰ হয় মানৱ শৰীৰৰ অংশ বিশেষ ৷

আৰক্ষীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি সূত্ৰৰ পৰা চুটকেছটোৰ ভিতৰত অৱশিষ্টবোৰ প্লাষ্টিকৰ মোনা আৰু বস্তাত মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছিল।

ফৰিদাবাদ আৰক্ষীৰ মুখপাত্ৰ এজনে সংবাদ মাধ্যমক সদৰি কৰা মতে, উদ্ধাৰ হোৱা মানৱ শৰীৰৰ অৱশিষ্ট অংশ সমূহ প্ৰাথমিক অৱস্থাত পৰ্যবেক্ষণ কৰি নিশ্চিত কৰা হয় যে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড ৷হত্যাৰ বলি হোৱা লোকজনক হত্যাকাৰীয়ে অন্য স্থানত হত্যা কৰি শুংসূত্ৰ নাইকিয়া কৰিবৰ বাবে চুটকেচত শৰীৰ বিভিন্ন অংশ সুমুৱাই জংঘলত পেলাই থৈ আঁতৰি যায় ৷

আৰক্ষীৰ ফৰেনছিক বিভাগে বনাঞ্চলৰ চাৰিও দিশত শৰীৰৰ আন অংশবোৰৰ সন্ধানত অভিযান চলোৱাৰ লগতে উদ্ধাৰ হোৱা অংশবোৰ পৰীক্ষা কৰিছে ৷ আনহাতে অংশবোৰ পৰীক্ষা কৰাৰ পিছতো ফৰেনছিক বিভাগ নিশ্চিত হ’ব পৰা নাই শৰীৰৰ অংশবোৰ পুৰুষৰ নে মহিলাৰ ৷

লোমহৰ্ষক ঘটনা সন্দৰ্ভত ফৰিদাবাদ আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত মাৰাথান অভিযান আৰম্ভ কৰিছ৷ আৰক্ষীৰ দাবী শীৰ্ঘেই জালত পৰিব হত্যাকাৰী ৷

ইতিমধ্যে এই ঘটনা সদৰি হোৱাৰ পিছতে হাৰিয়ানাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ৰাজ্য চৰকাৰে ঘটনা সম্পৰ্কত তদন্ত ঘোষণা কৰিছে ৷

Exit mobile version