Shillong : মুক্ৰৰ গুলীচালনা ঘটনাৰ পিছত উত্তপ্ত শ্বিলং

শান্তি সমদলত হিংসাত্মক পৰিস্থিতি, আৰক্ষীলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰা প্ৰতিবাদকাৰীৰ

WhatsApp Image 2022 11 25 at 15.44.28

Shillong:

মঙলবাৰে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ মেঘালয় সীমান্তৰ জিৰিকিডিঙৰ মুক্ৰ’ত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত পাঁচজন খাচী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিস্থিতি ক্ৰমাৎ অগ্নিগৰ্ভা হৈ পৰিছে ৷

বৃহস্পতিবাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ ৰাজপথত ঘটনাৰ প্ৰতিবাদত খাচী ছাত্ৰ সন্থা সহ পাঁচটাকৈ সংগঠনৰ আহ্বানত কে’বাশ লোকে হাতত মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে হঠাতে সংঘটিত হয় এক বিক্ষিপ্ত ঘটনা ।

প্ৰতিবাদকাৰীৰ একাংশ উগ্ৰৰূপ ধাৰণ কৰি এটা পুলিচ পইন্ট ক্ষতি কৰাৰ লগতে এখন চিআৰ পি এফৰ বাছ এখন জ্বলাবলৈ উদ্ৰত হয় ৷

একেদৰে প্ৰতিবাদকাৰীয়ে পৰিস্থিতি নিয়ন্ত্ৰণত নিয়োজিত আৰক্ষী বাহিনীক ধাৰাষাৰ শিলগুটি আৰু পেট্ৰ’ল বোমা নিক্ষেপ কৰে। আনহাতে বহিংসাত্মক পৰিস্থিতি আৰু যাতে অধিক বৃদ্ধি নাপাই তাৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচাৰ্জ কৰে ৷ ইয়াৰ পিছতো পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাত শূণ্যলৈ গুলীচালনা কৰিবলৈও বাধ্য হয় মেঘালয় আৰক্ষী। শ্বিলং পৰিস্থিতি অধিক অৱনতি ঘটাৰ পিছতে ৰাজধানী চহৰখনৰ সদাব্যস্ত পুলিচ বজাৰ সহ কেতবোৰ অঞ্চলৰ দোকান-পোহাৰ বন্ধ হৈ পৰে ৷

ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ শুক্ৰবাৰৰ সন্ধিয়ালৈ পুনৰ সাত জিলাত ইন্টাৰনেট কৰ্তন কৰে ৷ আজি গৰাো ছাত্ৰ সন্থাই শ্বিলং সহ কে’বাখনো জিলা বন্ধ আহ্বানৰ প্ৰতি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৰাজ্য চৰকাৰে ৷
আনহাতে শ্বিলং সহ ৰাজ্যখনৰ বিভিন্ন স্থানত আবদ্ধ হৈ থকা অসম সহ বহি:ৰাজ্যৰ পৰ্যটক সকলক পৰ্যায়ক্ৰমে নিৰাপত্তাৰ মাজেৰে অসমলৈ অনাৰ দিহা কৰিছে ৷

স্মতৰ্ৱ্য যে গুৱাহাটীৰ পাশ্বৰ্ৱতী যোৰাবাটত অসম আৰক্ষী আৰু চি আৰ পিএফে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি অসমৰ পঞ্জীভূক্ত বাহনক মেঘালয়লৈ যোৱাত বাধা আৰোপ কৰিছে ৷

Exit mobile version