Wedding : এখন ব্যতিক্ৰম বিয়াত উখল-মাখল নলবাৰীৰ বালিলেছা কালি মন্দিৰ

বিধৱা ব্ৰাহ্মণ যুৱতী বিয়া কৰাই দেখুৱালে নিদৰ্শন

WhatsApp Image 2022 11 25 at 16.49.11

Wedding :

এখন ব্যতিক্ৰম আৰু ঐতিহাসিক বিয়াৰ সাক্ষী হৈ ৰ’ল নলবাৰীৰ পৱিত্ৰ বালিলেছা কালী মন্দিৰ । ব্যতিক্ৰম বিয়া বুলিলে সাধাৰণতে কোনোবাই হাতীৰে বিয়া কৰাব যোৱা, গৰু গাড়ীৰে বিয়া কৰাবলৈ যোৱা ঘটনাই সংবাদ মাধ্যম বা সামাজিক মাধ্যমত চৰ্চিত হৈ আহিছে যদিও আজি সমাপন হোৱা বিয়াখন অৱশ্যে এনে পৰিসীমাৰ বহুখিনি উৰ্ধত ।

স্বাভাৱিক বিবাহৰ লেখীয়াকৈ উৰুলি, পুৰোহিতৰ মন্ত্ৰ পাঠ ধ্বনি, আত্মীয়-শুভাকাংক্ষীৰ শুভেচ্ছাৰে এক উখল-মাখল পৰিৱেশ । তিলমাত্ৰও ক’তো জড়তা নাই । কেৱলমাত্ৰ প্ৰায় সকলোৰে মাজত চৰ্চিত-প্ৰশান্তই এক সাহসী পদক্ষেপ ল’লে আৰু ই হিন্দু সমাজৰ বাবে চানেকি হৈ ৰব ।’

উল্লেখ্য যে এনে চৰ্চা লাভ কৰা প্ৰশান্ত‌ই (প্ৰশান্ত শৰ্মা) হ’ল আজিৰ ব্যতিক্ৰম বিয়াখনৰ দৰা । ল’ৰাজনৰ ঘৰ নলবাৰীৰে মোহখুলিত । প্ৰশান্ত হৈছে এজন সাধাৰণ যুৱক । প্ৰশান্তই আজি সম্পূৰ্ণ সামাজিকভাৱে বিয়া কৰালে ৰঞ্জনা ভাগৱতী নামৰ এগৰাকী বিধৱা যুৱতীক । আনকি আজিৰ বিয়াখনত ৰঞ্জনাৰ আঠ বছৰীয়া কন্যাও উপস্থিত থাকে ।

উল্লেখ্য যে বিধৱা বুলি ক’লেই ভাৰতীয় নাৰীয়ে নানা কষ্ট, দুখ আৰু প্ৰায় প্ৰতিদিন বহু প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগীয়া হয় । বৈধৱ্য নামি অহাটো কোনো অভিশাপ নহয় যদিও কম বয়সীয়া মহিলাসকলে বিধৱা হ’লে একপ্ৰকাৰ অসহনীয় জীৱন নামি আহে । এনে অৱস্থা ভাৰতবৰ্ষৰ প্ৰায় সকলো সম্প্ৰদায়ৰ ক্ষেত্ৰতে একে ।

মহিলাসকলৰ ক্ষেত্ৰত পৰম্পৰাগত সমাজব্যৱস্থাই এনেদৰে নমাই অনা অমানিশাৰ পৰা মুক্তি বিচাৰি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে চলাইছিল এক সংগ্ৰাম । যাৰ ফলশ্ৰুতিত ভাৰতীয় আইন ব্যৱস্থাই ১৮৫৬তে বিধৱাৰ পুনৰবিবাহ আইন অনুমোদন জনায় । লগতে সেইজন ভাৰতীয় মহামনিষিয়ে নিজেই শুভাৰম্ভ কৰে বিধৱাৰ পুনৰবিবাহৰ । ঈশ্বৰ চন্দ্ৰ বিদ্যা সাগৰৰ ঘনিষ্ঠ অসমৰ গুনাভিৰাম বৰুৱাইও বিষ্ণুপ্ৰিয়া নামৰ বিধৱা ব্ৰাহ্মণ মহিলা এগৰাকীক বিয়া কৰাইছিল ।

ইয়াৰ পূৰ্বে ভাৰতবৰ্ষৰ হিন্দু-মুছলমান প্ৰায় সকলো সম্প্ৰদায়ৰৰে বিধৱা বিবাহ পৰম্পৰাগত নিষিদ্ধতাৰ মাজতে আছিল যদিও আইন প্ৰণয়ন হোৱাৰ পাছৰে পৰা হিন্দু ধৰ্মীয় সমাজ ব্যৱস্থাৰ বাহিৰে আন বোৰত বিধৱাৰ পুনৰবিবাহ ইতিমধ্যে সহজ হৈ পৰিছে ।

লক্ষণীয়ভাৱে ব্ৰাহ্মণ সমাজৰ মাজত সেয়া এই পৰ্যন্ত তাকৰ হৈয়ে আছে । কিন্তু ইয়াৰ মাজতে প্ৰশান্ত শৰ্মাৰ দৰে এজন সাধাৰণ যুৱকে আজি গুৱাহাটীৰ কাহিলিপাৰাৰ দিলীপ ভাগৱতীৰ বিধৱা কন্যা ৰঞ্জনা ভাগৱতীক বিয়া কৰাই এক অসাধাৰণ নিদৰ্শন দেখুৱালে । কইনা ৰঞ্জনাৰ বায়েক, লেখিকা চন্দনা ভাগৱতীয়ে প্ৰকাশ কৰে যে ইয়াৰ বাবে প্ৰশান্ত শৰ্মা, তেওঁৰ পৰিয়াল আৰু ৰঞ্জনাৰ পূৰ্বৰ স্বামী পৰিয়াললৈ কৃতজ্ঞতা জনাবই লাগিব ।

তেওঁ কয়, ‘আমি আমাৰ ভনীজনীৰ পুনৰবিবাহ হোৱাটো বিচৰাটো স্বাভাৱিক । কিন্তু প্ৰশান্তৰ দৰে ল’ৰা এজন ইয়াৰ বাবে আগুৱাই অহা বা তেওঁৰ পৰিয়াল আৰু ভনীৰ আগৰ শহুৰ পৰিয়াল এই বিবাহত সন্মত হোৱাটো আমাৰ সমাজ ব্যৱস্থাত ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ হোৱাৰ লগতে অনুকৰণীয় ।’

উল্লেখ্য যে ইয়াৰ দুবছৰ পূৰ্বে এজনী কন্যা সন্তানৰ স’তে বিধৱা বিবাহ কৰাই বেলশৰৰ এজন সাধাৰণ যুৱক উৎপল পাটোৱাৰীও বহু চৰ্চিত হৈ পৰিছিল । আজি এই বিয়াখনৰ খবৰ পাই উৎপল পাটোৱাৰীয়ে দৈনিক অগ্ৰদূতক আনন্দ প্ৰকাশ কৰে । তেওঁ কয়, ‘মেলে মিটেঙে ভাষণ দি, কিতাপত লেখা-মেলা কৰি থাকিলেই সকলো হৈ নুঠে । হাতে-কমেও আগুৱাই আহিব লাগিব । অৱশ্যে বিয়াখনতে সাহসক সীমাবদ্ধ কৰিলে নহ’ব । দৰা-ক‌ইনা আজীৱন সাহসী হ’ব লাগিব ।’

আনহাতে, লগতে তেওঁ এতিয়া সুখত দিন কটাইছে বুলিও প্ৰকাশ কৰি প্ৰশান্ত-ৰঞ্জনা লৈ শুভেচ্ছা জনায় ।

লক্ষ্যণীয় যে তেনেই সাধাৰণ হ’লেও প্ৰশান্ত শৰ্মাই কটাই আহিছে আন এক কঠিন জীৱন । প্ৰশান্তৰ নিজকে ধৰি ককায়েক আৰু মাক দেউতাকৰে এটা সুন্দৰ পৰিয়াল আছিল যদিও তেওঁলোকৰ মাতৃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত এক দীঘলীয়া সময় মাতৃ শুশ্ৰূষাৰ নামতে পাৰ কৰিবলগীয়া হয় ।

Exit mobile version