Dubai : ডুবাইত এইবাৰ নিৰ্মাণ কৰা হ’ব ১০০ মহলীয়া অট্টালিকা

KH COMP DUBAI HYPERTOWER

Dubai :

ডুবাইত নিৰ্মাণ কৰা হ’ব এটা ১০০ মহলীয়া অট্টালিকা। এই অট্টালিকা কেৱল ডুবাইৰে এক অন্যতম আকর্ষণ নহ’ব, সমগ্ৰ বিশ্বৰে ই হ’ব সৰ্ববৃহৎ অট্টালিকা। সাধাৰণতে কাৰ্যালয় বা বাণিজ্যিক বাসগৃহৰ উচ্চতা সৰ্বাধিক হয়।

কিন্তু ডুবাইত এইবাৰ নিৰ্মাণ কৰা হ’ব বিশ্বৰ সবাতোকৈ বৃহৎ আকাৰৰ উচ্চ আবাসিক অট্টালিকা। এই ১০০ মহলীয়া অট্টালিকাটো নিৰ্মাণ কৰিব বুর্জ বিনঘাতী জেকব এণ্ড ৰেচিডেন্সেছ নামৰ প্ৰতিষ্ঠানটোৱে।

প্রতিষ্ঠানটোৰ বিশেষজ্ঞই এই আবাসিক অট্টালিকা নিৰ্মাণৰ বাবে অত্যাধুনিক নির্মাণ পদ্ধতি ব্যৱহাৰ কৰিব। ডুবাইত ১০০ মহলীয়া অট্টালিকা নিৰ্মাণ কৰা হ’লেও এই অট্টালিকাই বুর্জ খলিফাৰ অভিলেখ খৰ্ব নকৰে।

উল্লেখ্য যে বর্তমানে বিশ্বৰ সৰ্বোচ্চ অট্টালিকা হিচাপে পৰিচিত বুর্জ খলিফাৰ উচ্চতা হৈছে ২৭১৬ ফুট। অৱশ্যে বুর্জ খলিফাক কে’বাটাও বাণিজ্যিক কার্যালয় থকা হেতুকে এই অট্টালিকাত আবাসিক অট্টালিকা হিচাপে গণ্য কৰা নহয়।

প্রকাশিত বাতৰি অনুসৰি, ডুবাইত ২০২৪ৰ ভিতৰত ১০০ মহলীয়া অট্টালিকাটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version