Eknath Shinde : গুৱাহাটীলৈ পুনৰ আহিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে লগত মন্ত্ৰী বিধায়কৰ এটা দল

Eknath Shinde :

বিগত জুন মাহত শিৱসেনাৰ বিদ্রোহী বিধায়কৰ ৰূপত গুৱাহাটীলৈ আহিছিল একনাথ সিন্দে । চাৰিমাহৰ ব্যৱধানত আজি আকৌ একনাথ সিন্দে আহিল মুখ্যমন্ত্ৰীৰ ৰূপত।

সেইবাৰ মনত অজান আশংকা, অনিশ্চিত ভবিষ্যৎ লৈ উপস্থিত হৈছিল অসমত। এইবাৰ তেনে ভয়-সংকোচৰ কোনো প্রশ্নই নাই। এইবাৰ একনাথ সিন্দে আহিল উচ্চশিৰে। কিয়নো তেওঁ এতিয়া দেশৰ শক্তিশালী ৰাজ্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। যি উদ্ধব থাকৰেৰ ভয়ত তেওঁ প্ৰথমে ছুৰাট আৰু তাৰ পৰা গুজৰাট চৰকাৰ তথা আৰক্ষীৰ প্ৰত্যক্ষ সহায়ত গুৱাহাটীলৈ যাত্ৰা কৰিবলগীয়া হৈছিল, সেই উদ্ধব থাকৰেৰ পিতৃয়ে গঢ়া শিৱসেনাৰ এতিয়া একনাথ সিন্দেই মালিক।

থাকৰেৰ হাতত দলো নাই, চৰকাৰো নাই। এইবাৰো গুৱাহাটীলৈ অকলে নাহিল একনাথ সিন্দে। মুখ্যমন্ত্রী একনাথ সিন্দেৰ স’তে গুৱাহাটীলৈ আহিল মন্ত্ৰী-বিধায়ক আৰু সাংসদকে ধৰি পৰিয়ালৰ সদস্যৰে এক বৃহৎ দল।

মুখ্যমন্ত্রী একনাথ সিন্দেৰ নেতৃত্বত প্ৰায় ১৭৫ জনীয়া এটা দল গুৱাহাটীলৈ আহি উপস্থিত হৈছে। উল্লেখ যে মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু বিধায়ক হ’লেও সকলোৱেই এইবাৰ আহিব ভক্তৰ ৰূপত।

বিগতবাৰৰ দৰে বিদ্ৰোহীৰ ৰূপত নহয়, তেওঁলোক এইবাৰ আহিছে মা কামাখ্যা মন্দিৰত সেৱা জনাবলৈ। তেওঁলোকৰ ভাষাত এয়া ‘বচন পুৰ্তি’। অর্থাৎ মা কামাখ্যাৰ ওচৰত দি যোৱা প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীসহ মন্ত্রী-বিধায়ক তথা সাংসদৰ লগতে পৰিয়ালৰ সদস্য।

কিয়নো মা কামাখ্যাই তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ কৰিছে। বিগত জুনত যেতিয়া তেওঁলোকে অনিশ্চিত মনেৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত আশ্রয় লৈ আছিল, তেতিয়া এদিন একনাথ সিন্দেই অকলে গৈ কামাখ্যা মন্দিৰত সেৱা আগবঢ়াইছিল।

উদ্ধব থাকৰেৰ চৰকাৰ ভাঙি বিজেপিৰ সাহায্যত তেওঁলোকে যি নতুন চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ অভিযান চলাইছিল, সেই অভিযান সফল হ’লে পুনৰ মা কামাখ্যাৰ ওচৰলৈ সেৱা আগবঢ়াবলৈ
আহিব বুলি অংগীকাৰ কৰিছিল একনাথ সিন্দেই।

আনহাতে ৩০ জুনত গুৱাহাটীৰ পৰা গোৱা হৈ মুম্বাইলৈ যোৱাৰ দিনা একনাথ সিন্দেৰ সমৰ্থক প্রত্যেকগৰাকী বিধায়কেই একে উদ্দেশ্য মনত লৈ কামাখ্যাত সেৱা আগবঢ়াইছিল। উদ্দেশ্য সফল হ’লে তেওঁলোকো পুনৰ কামাখ্যালৈ অহাৰ কথা আছিল। মা কামাখ্যাৰ আশীর্বাদত একনাথ সিন্দেবাহিনীৰ অভিসন্ধি সফল হ’ল।

তেওঁলোকৰ বিদ্ৰোহৰ ফলত মহাৰাষ্ট্ৰৰ নিৰ্বাচিত চৰকাৰখনৰ পতন ঘটিল। মহাবিকাশ আঘাড়ী চৰকাৰৰ মুৰব্বী উদ্ধব থাকৰেৰ পতন ঘটিল। শিৱসেনা দল থানবান হৈ দ্বিখণ্ডিত হ’ল। কংগ্ৰেছ আৰু এন চি পি দল চৰকাৰৰ পৰা আঁতৰিল। এতিয়া সেয়ে একনাথ সিন্দে বাহিনীৰ প্ৰতিশ্ৰুতি পালনৰ পাল।

সেই ‘বচন পুৰ্তি’ৰ বাবেই গুৱাহাটীলৈ আহিল একনাথ সিন্দেৰ নেতৃত্বত ১৭৫ জনীয়া এটা বৃহৎ দল। জ‍নিব পৰা মতে গুৱাহাটীৰ পাছত তেওঁলোকে অযোধ্যাৰ নিৰ্মীয়মান ৰাম মন্দিৰো দৰ্শন কৰিব। উল্লেখ যে ১৯৯২ চনত যেতিয়া অযোধ্যাৰ বাবৰি মছজিদ কৰ সেৱকে ধ্বংস কৰিছিল, তাত আগভাগ লৈছিল শিৱ সৈনিকে।

কেৱল মা কামাখ্যাৰ ‘বচন পুৰ্তি’য়েই সিন্দেবাহিনীৰ একমাত্র লক্ষ্য নিশ্চয় নহয়৷ একনাথ সিন্দেই অসমৰ মুখ্যমন্ত্ৰীক এই ভ্ৰমণত সাক্ষাৎ কৰিব আৰু সেই সাক্ষাৎ তেনে একাধিক কাৰণত ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। ইতিপূর্বে একনাথ সিন্দেই বিদ্রোহকালতে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা আৰু বিজেপিত প্ৰভাৱ কিমান অধিক তাৰ উমান পাই
থৈছে।

শনিবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে শক্তিপীঠ কামাখ্যা ধামলৈ আহে একনাথ সিন্দেৰ স’তে অহা মন্ত্ৰী ,বিধায়ক, সাংসদৰ দলটোৱে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ চৰণত বিশেষ পূজা আগবঢ়াই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু মন্ত্ৰী ,বিধায়ক, সাংসদৰ দলটো।

Exit mobile version