Guwahati : শনিবাৰে গুৱাহাটীৰ হোটেল ভিভাণ্টাত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ত এইচ.আৰ কনক্লেভ অনুষ্ঠান

Guwahati :

শনিবাৰে গুৱাহাটীৰ হোটেল ভিভাণ্টাত আয়োজিত কৰা হয় এখন ৰাষ্ট্ৰীয় পৰ্যায়ত এইচ.আৰ কনক্লেভ অনুষ্ঠান । অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ আতিথ্যত অনুষ্ঠিত কৰা কনক্লেভ খন ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰা হয়।

উত্তৰপূব ভাৰতৰ সৰ্ববৃহৎ এই এনক্লেভ খনত দেশৰ বিভিন্ন ক্ষেত্ৰৰ এইচ.আৰ সকলে ভিন্ন পৰ্যায়ৰ কৰ্মক্ষেত্ৰৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানটো মুঠ দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হয়। প্ৰথম পৰ্যায়ত ক’ভিড-১৯-ৰ পাছত পুনৰ দক্ষতা আৰু উত্থানৰ গুৰুত্ব, কৰ্মক্ষেত্ৰত লিংগ সমতা আৰু বৈচিত্ৰতা বৃদ্ধি কৰাৰ ওপৰত আলোচনা আগবঢ়োৱা হয়।

আলোচনাত কৌশিক ডেকা কাৰ্যবাহী সম্পাদক ইণ্ডিয়া টুডে মেগাজিন, অতমা গোদাৰা (নেটফ্লিক্সৰ এইচ.আৰ মেনেজাৰ), অনুৰাগ কীৰ্তি (কেম্পাছ লীড- গ্লোবেল কেম্পাছ হায়াৰিং, উইপ্ৰো), অনিকেত দত্ত (প্ৰডাক্ট মেনেজাৰ, মাইক্ৰছফ্ট কৰ্পোৰেচন), ধনঞ্জয় সামাৰাই (সঞ্চালক এইচ.আৰ, লীলা গান্ধীনগৰ), প্ৰবাহন বৰাহ (এইচ.আৰ অপাৰেচন হেড, ডালমিয়া চিমেণ্ট), তনবিন্দৰ সিং বিন্দ্ৰা (এইচ.আৰ, ক্ৰেমিকা টুডে) ই অংশগ্ৰহণ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ৰ আলোচনা আগবঢ়োৱা হয়। অনুষ্ঠানত উত্তৰপূৰ্বাঞ্চলত বৰ্তমান সময়ছোৱাৰ লগতে পৰৱৰ্তী সময়ছোৱাৰ কি ধৰণৰ উদ্যোগ তথা প্ৰতিষ্ঠান স্থাপন কৰিলে ইয়াৰে যুৱ চামে নিয়োগ লাভ কৰিব তাৰ ওপৰত বিস্তৃতি ভাবে আলোকপাত কৰা হয়।

Exit mobile version