Guwahati Thief : গুৱাহাটী মহানগৰীৰ অলিয়েগলিয়ে ভিক্ষাৰীৰ চদ্ম বেশত এতিয়া দুধৰ্ষ চোৰ

Guwahati Thief :

মহানগৰীত এতিয়া ভিক্ষাৰীৰ বেশত পিতপিতাই ফুৰিছে গভাইত চোৰ । নিশা হ’লেই এই চদ্মবেশী চোৰে সন্ত্ৰাস চলাই আহিছে মহানগৰীৰ বিভিন্ন স্থানত৷

এনে চদ্মবেশী চোৰৰ বিৰুদ্ধে শুকুৰবাৰে নিশা অভিযান চলাই শুক্লেশ্বৰ ঘাট, ভাস্কৰ নগৰ, নবীন নগৰ আদি অঞ্চলৰ পৰা ভিক্ষাৰীৰ বেশত আত্মগোপন কৰি থকা পাঁচটাকৈ গভাইত চোৰক গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গীতানগৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই আটক কৰা চোৰ কেইটা ক্ৰমে আকাশ দাস (২৪), ৰাজু মেধি (২৬), সঞ্জীৱ বৈশ্য (২৯), সুভম নায়ক (২৪) আৰু বিকি দাস (১৯)।

প্ৰাপ্ত তথ্য অনুসৰি ধৃত চোৰ কেইটাই মহানগৰীৰ বিভিন্ন স্থানত চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। গীতানগৰ থানাত ৰুজু হোৱা এটা গোচৰৰ তদন্ত চলাই গীতানগৰ আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই শুক্লেশ্বৰ মন্দিৰ, ভঙাগড়, বেলতলা, জু-তিনিআলিৰ পৰা চোৰকেইটাক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

 

Exit mobile version