Fans at World Cup at Risk of Camel Flu : ফুটবল বিশ্বকাপৰ পৰা মাৰাত্মক ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা !

সতর্কবাণী চিকিৎসকসকলৰ

FIFA World Cup 2022 14

Fans at World Cup at Risk of Camel Flu :

ফুটবল বিশ্বকাপ সন্দৰ্ভত সতর্কবাণী দিলে বিশেষজ্ঞসকলে । বিশ্ব স্বাস্থ্য সংস্থা বা হু-ৰ তৰফৰ পৰা জনাইছে যে, বিশ্বকাপৰ মঞ্চ কাটাৰৰ পৰা সংক্ৰমিত হ’ব পাৰে বিপুল সংক্রামক ‘কেমেল ফ্লু’ । শীঘ্ৰে এই বিষয়ত সাৱধান নহ’লে ভৱিষ্যতে বৃহৎ বিপদ হ’ব পাৰে বুলি জনাইছে তেওঁলোকে ।

আগন্তক দিনত ‘কেমেল ফ্লু’এ মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে বুলি বহু দিন ধৰি সতৰ্ক কৰি আছে বিশেষজ্ঞসকলে । কৰ’নাভাইৰাছ, মাংকিপক্সৰ পাছত অনাগত দিনত এই কেমেল ফ্লু-এ বিৰাট সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে ।

কেমেল ফ্লু কি ?

সাধাৰণতে পূৱ এছিয়াৰ বিভিন্ন ঠাইত এই ৰোগ সংক্ৰমণ হোৱাৰ খবৰ পোৱা যায় । বিজ্ঞানৰ ভাষাত ইয়াক “Middle East respiratory syndrome” (MERS) বুলিও কোৱা হয় । মূলত উটৰ পৰা এই ৰোগ সংক্ৰমণ হয় ।

বিশ্বকাপৰ মঞ্চত কোনসকলৰ বিপদৰ শংকা অধিক ?

সম্প্রতি প্রকাশিত এক প্ৰতিবেদন অনুযায়ী, সমগ্ৰ বিশ্বৰ পৰা প্রায় ১২ লাখ লোক বর্তমান কাটাৰত বিশ্বকাপ চাবলৈ আহিছে । ফুটবলৰ দলৰ সদস্য, অনুৰাগীসকলৰ উপৰিও, এই ভিৰৰ বাবে স্থানীয়সকল আৰু পৰৱর্তীকালত প্রতিখন দেশৰ মানুহৰ মাজত সংক্ৰমিত হ’ব পাৰে এই ৰোগ । ইয়াৰ ফলত পুনৰ এক অতিমাৰী আৰম্ভ হোৱাৰ শংকা আছে বুলিও ধাৰণা কৰিছে তেওঁলোকে ।

কিমাশ প্রস্তুত কাটাৰ ?

এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’লে নিয়ন্ত্ৰণ কৰিব পৰাৰ দৰে প্রস্তুত আছে আয়োজক দেশ কাটাৰ । নিয়মিত পৰীক্ষা আৰু হাস্পাতালসমূহ প্রস্তুত ৰখা হৈছে । তদুপৰি নিয়মীয়া টিকাকৰণো অব্যাহত আছে বুলি জনাইছে ।

কেনেদৰে সাৱধান ?

এই ৰোগৰ সংক্রমণ ৰোধ কৰিবৰ বাবে বিশেষজ্ঞসকলে সকলোকে উটৰ পৰা দূৰত থকাৰ পৰামর্শ দিছে । উট স্পর্শ কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে । ইয়াৰ উপৰি কোনো সমস্যা দেখা দিলে (বিশেষকৈ জ্বৰ) দ্রুত চিকিৎসকৰ কাষ চাপিবলৈ কোৱা হৈছে ।

Exit mobile version