Guwahati : মালিগাঁৱত মদ-জুৱাৰ ৰমৰমীয়া বেহা

75dbbae3 c70c 439a abae 7ff96f5eabc4

Guwahati :

মদ, জুৱাৰ আড্ডাস্থলীত পৰিণত হৈছে এতিয়া মালিগাঁৱৰ বিভিন্ন অঞ্চল । মালিগাঁৱৰ ৰেল গেট বজাৰত প্ৰতিদিনেই দিন দুপুৰতে চলি আছে মদ আৰু জুৱাৰ ৰমৰমীয়া বেহা । দীৰ্ঘদিন ধৰি কেইজনমান লোকে মালিগাঁৱৰ ৰেল গেট বজাৰত চলাই আছে এই নিষিদ্ধ বেহা ।

উল্লেখ যে ৰেল গেট বজাৰত বজাৰ কৰিবলৈ আহি বিপদত পৰে স্থানীয় লোকসকল, বিশেষকৈ মহিলাসকল । স্থানীয় একাংশ মহিলাৰ অভিযোগ মৰ্মে, বিভিন্ন সময়ত ৰেল গেটত বজাৰ কৰিবলৈ যোৱা মহিলাসকলক অশ্লীল ইংগিত দিয়াৰ উপৰিও দুৰ্ব্যৱহাৰ কৰি আহিছে একাংশ সুৰামত্তই‌ ।

একাংশ অসামাজিক তথা উদণ্ড লোকৰ এনে কাণ্ডক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে স্থানীয় মহিলাসকল । মদ, জুৱাৰ আড্ডাৰ লগতে অসামাজিক কাৰ্য্য সংঘটিত হৈ আহিছে অঞ্চলটোত । বিভিন্ন সময়ত ৰেল যাত্ৰীক লুৎপাটৰ ঘটনাও সংঘটিত হৈ আহিছে এই আড্ডাস্থলীত ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি মালিগাঁও ৰেল গেট বজাৰত নিষিদ্ধ জুৱাৰ বেহা চলাই আহিছে বুদ্ধিৰাম নামৰ এজন লোকে । প্ৰতিদিনে পুৱাৰে পৰা বুদ্ধি ৰামৰ নেতৃত্বত ৰেলগেট বজাৰত আৰম্ভ হয় জুৱা আৰু মদৰ বেহা ।

ৰেলগেট বজাৰৰ পৰা প্ৰায় দুশ মিটাৰ দূৰুত্বত আছে কামাখ্যা ৰেল আৰক্ষী চকী । সমান্তৰালভাৱে কিছু দূৰত্বত মালিগাঁও আৰক্ষী চকী আৰু জালুকবাৰী আৰক্ষী থানা কিন্তু আজি পৰ্যন্ত এই নিষিদ্ধ বেহা উৎখাত কৰিব পৰা নাই আৰক্ষীয়ে । কিন্তু এই সকলোবোৰ দেখিও গভীৰ নিদ্ৰাত উক্ত তিনিখন থানাৰ আৰক্ষী ।

Exit mobile version