Kim Jong-un : বিশ্বৰ সৰ্বাধিক শক্তিশালী পাৰমাণৱিক শক্তিৰ সম্ভাৰ প্ৰস্তুত কৰাৰ পৰিকল্পনা, সকীয়নি কিমৰ

2022 11 26 kim jong un north korea missiles

Kim Jong-un :

সম্প্রতি জাপানৰ উপকূলত পৰমাণু অস্ত্রবাহী হোৱাছং ছিৰিজৰ ক্ষেপণাস্ত্র নিক্ষেপ কৰি বিশ্বৰ দৃষ্টি কাঢ়িছে উত্তৰ কোৰিয়াই । সেনাবাহিনীৰ পুনর্বিন্যাস ঘটাইছে উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনে ।

স্থানীয় এক সংবাদমাধ্যম সূত্রে খবৰ, পৰমাণু শক্তিৰ নতুন সম্ভাৰ লৈ বিশ্বদৰবাৰত উপস্থিত হোৱাৰ পৰিকল্পনা কৰিছে কিমে । পৰমাণুশক্তি দেশৰ মর্যাদা আৰু সার্বভৌমত্বৰ পৰিচায়ক বলি জনাইছিল তেওঁ । কিমে আৰু জনাইছে, হোৱাছং-১৭ বিশ্বৰ সৰ্বাধিক শক্তিশালী ক্ষেপণাস্ত্র । এই ক্ষেপণাস্ত্র প্ৰস্তুত কৰাৰ পাছত তেওঁ বি‌শ্বৰ সৰ্বাধিক শক্তিশালী সেনাবাহিনী প্ৰস্তুত কৰাৰ বিষয়তো ইংগিত কৰিছে ।

কিমে কয়, ‘‘উত্তৰ কোৰিয়াৰ বৈজ্ঞানিকসকলে উন্নত প্রযুক্তি প্রয়োগ কৰি ক্ষেপণাস্ত্র প্ৰস্তুত কৰিবলৈ বহু দূৰ আগবাঢ়ি আছে । উত্তৰ কোৰিয়া বিশ্বৰ সৰ্বাধিক শক্তিশালী পাৰমাণৱিক শক্তিৰ সম্ভাৰত পৰিণত হ’ব ।’’

দক্ষিণ কোৰিয়াৰ প্রতিৰক্ষা মন্ত্ৰণালয়ৰ দাবী, বৃহস্পতিবাৰে পুৱা ১০ বাজি ৪৮ মিনিটত (স্থানীয় সময়) উত্তৰ কোৰিয়াৰ পূৱ উপকূলীয় চহৰ উনছানৰ পৰা এটা বেলিষ্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰা হৈছিল । ঘটনাৰ পাছতেই ছিৱলৰ তৰফৰ পৰা পুনৰ সকীয়নি দিয়া হৈছিল পিয়ংইয়ঙক ।

প্রসংগত, বিগত দুমাহ ধৰি ধাৰাবাহিকভাৱে ক্রুজ আৰু বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা কৰিছে কিম জঙৰ দেশে । তেওঁলোকৰ ব্যাখ্যা, পাৰমাণৱিক অস্ত্রৰ ক্ষমতা পৰীক্ষণৰ উদ্দেশ্যেই এই পদক্ষেপ । ঘটনাচক্রে, বৃহস্পতিবাৰে পুৱা উত্তৰ কোৰিয়াৰ বৈদেশিকমন্ত্রী ছো ছন হুই আমেৰিকা-জাপান-দক্ষিণ কোৰিয়া ত্রিপাক্ষিক বৈঠকক গৰিহণা দিছিল । তাৰ দুঘণ্টাৰ ভিতৰতেই এই ক্ষেপণাস্ত্র পৰীক্ষা কৰা হয় ।

Exit mobile version