Maharashtra Foot Overbridge collapse : মহাৰষ্ট্রত ভাঙি পৰিল ৰেলৰ অভাৰব্রিজৰ একাংশ, আহত চাৰি যাত্রী

images

Maharashtra Foot Overbridge collapse :

মহাৰাষ্ট্রত ভাঙি পৰিল ৰেলৰ অভাৰব্রিজৰ একাংশ । এই দুর্ঘটনাত চাৰিজন যাত্রী আহত হৈছে । তেওঁলোকক হাস্পাতালত ভর্তি কৰোৱা হৈছে ।

অভাৰব্রিজ ভঙাৰ প্ৰকৎত কাৰণ এই পৰ্যন্ত জানিব পৰা নাই । দেওবাৰে সন্ধিয়া পাঁচ বাজি ১০ মিনিটত চন্দ্রপুৰত বল্লাৰ শ্বাহ জংছন ষ্টেছনত ৬০ ফুট উখ অভাৰব্রিজৰ একাংশ ভাঙি পৰিছে ।

সংবাদ সংস্থা এএনআই সূত্রে খবৰ, হঠাৎ ৰেল ষ্টেছনত অভাৰব্রিজৰ একাংশ ভাঙি পৰে । এই ঘটনাত অভাৰব্ৰিজৰ পৰা পৰি যায় যাত্ৰীসকল ৰেললাইনত । কেইজন যাত্রী অভাৰব্রিজৰ পৰা ৰেললাইনত পৰিছে সেয়া এই পৰ্যন্ত জানিব পৰা নাই ।

ৰেল বিভাগৰ তৰফৰ পৰা এই ঘটনাত আর্থিক সাহায্য ঘোষণা কৰা হৈছে । গুৰুতৰ আহতসকলৰ বাবে এক লাখ টকা আৰু সামান্য আহতসকলৰ বাবে ৫০ হেজাৰ টকা আর্থিক সাহায্য ঘোষণা কৰা হৈছে ।

এই অভাৰব্রিজটো ষ্টেছনৰ এক নম্বৰৰ পৰা চাৰি নম্বৰ প্লেটফর্ম সংযোগকাৰী । প্রত্যক্ষদর্শীসকলৰ দাবী, দুর্ঘটনাৰ সময় অভাৰব্রিজত কে’বাজনো যাত্রী যাতায়াত কৰিছিল । অৱশ্যে দুর্ঘটনাৰ সময়ত ৰেলপথেৰে কোনো ট্রেইন গৈ থকা নাছিল । অভাৰব্রিজটো বহু পুৰণি বুলি দাবী কৰিছে যাত্রীসকলৰ একাংশই ।

Exit mobile version