Meghalaya : ষষ্ঠ দিনাও অন্ত পৰা নাই অসমৰ বিৰূদ্ধে মেঘালয়ত অব্যাহত থকা বিদ্বেষ

1669279883 assam

Meghalaya :

আজি ষষ্ঠ দিনাও অন্ত পৰা নাই অসমৰ বিৰূদ্ধে মেঘালয়ত অব্যাহত থকা বিদ্বেষ ।

অসমৰ বাহন আৰু লোক দেখিলেই চুবুৰীয়া ৰাজ্যখনৰ বিক্ষুব্ধ জনতা আক্ৰমণৰ বাবে উদ্যত হোৱাৰ পৰিস্থিতি অব্যাহত থকাৰ আৰক্ষীৰ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে আজিও গুৱাহাটীৰ পৰা যোৰাবাট হৈ মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অসমৰ পঞ্জীয়নকৃত বাহন।

যোৰাবাটত মেঘালয়ৰ প্ৰৱেশদ্বাৰত নিয়োজিত অসম আৰক্ষী-চিআৰপি বাহিনীয়ে শ্বিলং বা মেঘালয়ৰ মাজেৰে বৰাক অভিমুখী সকলো ব্যক্তিগত বাহন ওভতাই পঠায়। আজিও বন্ধ আছে মেঘালয়ৰ বিভিন্নস্থানত ইণ্টাৰনেট সেৱা ।

Exit mobile version