Queen Elizabeth : কৰ্কট ৰোগত আক্ৰান্ত আছিল ৰাণী এলিজাবেথ

download 3 4

Queen Elizabeth :

জীৱনৰ শেষৰ কে’বাটা বছৰ মজ্জাৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ । যাৰ বাবে তেওঁৰ ভৰি আৰু কঁকালত অত্যধিক বিষ হৈছিল।

শেহতীয়াকৈ প্ৰকাশিত তেঁওৰ জীৱনীখনে এইটোৱেই দাবী কৰে। ‘এলিজাবেথ: এন ইণ্টিমেট পোট্ৰেইট’ শীৰ্ষক কিতাপখন গাইলছ ব্ৰেণ্ড্ৰেথে লিখিছে।

তেওঁ বৰ্তমানৰ ৰজা আৰু ৰাণী দ্বিতীয় এলিজাবেথৰ পুত্ৰ তৃতীয় চাৰ্লছৰ বন্ধু, আৰু সংসদৰ প্ৰাক্তন সদস্য।

জাইলছে জনাই যে যদিও বাকিংহাম পেলেচ মুকলিকৈ নকলেও তেওঁ বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছিল যে দ্বিতীয় এলিজাবেথ কম বয়সতে মাইলোমা বা কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

এই কৰ্কট ৰোগ মজ্জাত প্লাজমা কোষৰ অস্বাভাৱিক বৃদ্ধিৰ ফলত হয়। জাইলছে দাবী কৰে যে ইয়াৰ ফলত ৰাণীৰ দ্ৰুত ওজন হ্ৰাস হৈছিল।

তেওঁ বেছিভাগ সময় ভাগৰি পৰিছিল। কিতাপখনত এইটোও দাবী কৰা হৈছে যে ২০২১ চনত ৰাজকুমাৰ ফিলিপৰ মৃত্যুৰ পাছত ৰাণীয়ে লাহে লাহে নিজকে সামৰি লৈছে।

শৰীৰটো বৰ বেয়া অনুভৱ হ’লে তেওঁ ঘৰতে বহি টিভিত অনুষ্ঠানটো চাইছিল। জাইলছে লিখিছে যে ৰাণীয়ে উপলব্ধি কৰিছিল যে তেওঁৰ শৰীৰ ভাঙি পৰিছে। তেওঁ ইয়াক যথেষ্ট আত্মসন্মানেৰে গ্ৰহণ কৰিছিল।

Exit mobile version