BBC Journalist Beaten : বিবিচি-ৰ সাংবাদিকক প্ৰহাৰ জিনপিঙৰ আৰক্ষীৰ !

চীনত বাতৰি সংগ্রহ কৰিবলৈ গৈ গ্রেপ্তাৰ

WhatsApp Image 2022 11 28 at 19.22.53 1

BBC Journalist Beaten :

আন্তর্জাতিক সংবাদ সংস্থা বিবিচি-ৰ এজন সাংবাদিকক গ্রেপ্তাৰ কৰিছে চীনৰ আৰক্ষীয়ে । তেওঁ চীনত চৰকাৰৰ ক’ভিড-নীতিৰ বিৰুদ্ধে জনগনৰ বিক্ষোভৰ বাতৰি যুগুতাবলৈ গৈছিল ।

দেওবাৰে বিবিচি-ৰ তৰফৰ পৰা দাবী কৰা হৈছে তেওঁলোকৰ কর্তব্যৰত সাংবাদিকক প্ৰহাৰ কৰিছে চীনৰ আৰক্ষীয়ে । তেওঁক গ্রেপ্তাৰো কৰা হৈছে ।

চীনত ছি জিনপিং চৰকাৰৰ ক’ভিড-শূন্য নীতিৰ বিৰুদ্ধে পথত নামিছে সাধাৰণ জনতা । দেওবাৰে বেইজিং আৰু ছাংহাইৰ পথত শতাধিক লোকে বিক্ষোভ প্ৰদৰ্শন কৰে । তাতে খবৰ সংগ্রহ কৰিবলৈ গৈছিল বিবিচি-ৰ সাংবাদিকজন ।

তেওঁক আৰক্ষীয়ে বাধা দিয়ে বুলি অভিযোগ । ছাংহাইৰ পৰা তেওঁক গ্রেপ্তাৰ কৰা হৈছে । আৰক্ষীৰ জিন্মাত সাংবাদিকক মাৰধৰ কৰাৰ অভিযোগো উত্থাপন হৈছে জিনপিং চৰকাৰৰ বিৰুদ্ধে ।

বিবিচি-ৰ তৰফৰ পৰা এক বিবৃতি দি জনোৱা হৈছে, ‘‘বিবিচি-ৰ সাংবাদিক এড লৰেন্সৰ স’তে চীনা আৰক্ষীৰ আচৰণক লৈ আমি শংকিত । ছাংহাইত চৰকাৰ-বিৰোধী বিক্ষোভৰ খবৰ সংগ্রহ কৰিবলৈ গৈছিল তেওঁ । তেওঁক আৰক্ষীয়ে বাধা দিয়ে । হেণ্ডকাফ পিন্ধাই সাংবাদিকক গ্রেপ্তাৰ কৰি লৈ যোৱা হৈছে ।’’

বিবিচি-ৰ তৰফৰ পৰা চীনত সাংবাদিকতা কৰে লৰেন্সে । তেওঁক গ্রেপ্তাৰ কৰাৰ পাছত দীর্ঘ সময় ধৰি আটক কৰি ৰখা হৈছিল বুলি অভিযোগ । আৰক্ষী জিন্মাত তেওঁক মাৰধৰ কৰাৰ  দাবী বিবিচি-ৰ ।

অভিযোগ  লৰেন্সৰ ওপৰত চীনৰ আৰক্ষীয়ে লাঠি চালনা কৰিছে । কে’বা ঘণ্টা পাছত তেওঁক মুকলি কৰা হয় ।

বিবিচি-য়ে তেওঁলোকৰ বিবৃতিত জনাইছে  ‘‘আমাৰ কর্তব্যৰত সাংবাদিকক যিদৰে আক্রমণ কৰা হৈছে আমি আতংকিত । চীনৰ চৰকাৰে আমাৰ পৰা এই বিষয়ত এই পর্যন্ত ক্ষমা বিচৰা নাই  দুখপ্রকাশ কৰা নাই । উলোটাই আৰক্ষীয়ে দাবী কৰিছে  জনতাৰ ভিৰত সাংবাদিকৰ শৰীৰত ক’ভিড সংক্রামিত হ’ব পাৰে বুলি আৰক্ষীয়ে তেওঁক তাৰ পৰা আঁতৰাই লৈ আনে ।’’

চীনত ক’ভিড পৰিস্থিতি যথেষ্ট উদ্বেগজনক । দেওবাৰে তাত ক’ভিড সংক্রমণে নতুন অভিলেখ গঢ়িছে । এদিনত আক্রান্ত হৈছে ৪০ হেজাৰ ৩৪৭ জ‌ন । এনে পৰিস্থিতিত কঠোৰ তলাবন্ধ আৰু ‘ক’ভিড-শূন্য’ নীতি অৱলম্বন কৰিছে চৰকাৰে । যাৰ বিৰুদ্ধে বিক্ষোভত নামিছে দেশৰ জনসাধাৰণ ।

দিনৰ পাছত দিন গৃহবন্দী হৈ থাকি জনসাধাৰণ বিৰক্ত হৈছে । লগতে দীর্ঘ কোৱোৰেণ্টাইন আৰু ক’ভিড পৰীক্ষা কৰা বাঞ্চনীয় । দেওবাৰে চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্রতিবাদ জনাবলৈ ৰাজপথত ওলাই আহিছিল বহু জনসাধাৰণ । ছাংহাইৰ পথত শ্ল’গান দিয়ে, ‘‘ছি জিনপিং, পদত্যাগ দিয়ক ।’’

Exit mobile version