Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ অভিযোগত আটক তিনি ছাত্ৰক

১৮ জন ছাত্ৰক বহিষ্ককাৰৰ সিদ্ধান্ত কৰ্তৃপক্ষৰ

11c21fe6 650b 4607 b88f f1968eedd255

Dibrugarh University :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য।নিষিদ্ধ ৰেগিঙৰ বলি হৈছিল তিনিজনকৈ ছাত্ৰ আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক। সম্প্ৰতি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চিইউত চিকিৎসাধীন হৈ থকা ছাত্ৰজনৰ নাম আনন্দ শৰ্মা নামৰ ।

ইতিমধ্যে এই জঘণ্য ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত আৰক্ষীয়ে তিনিজনক আটক কৰাৰ লগতে এই কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰাহুল ছেত্ৰীৰ ভাতৃ ৰুবুল ছেত্ৰীক সোধপোছৰ বাবে আটক কৰিছে৷আনহাতে পলাতক অৱস্থাত আছে ৰাহুল ছেত্ৰী ৷ বিশ্ববিদ্যালয় দৃঢ় পদক্ষেপ লৈ ওঠৰ ছাত্ৰক বহিষ্ককাৰৰ সিদ্ধান্ত লয়৷
এই ঘটনাৰ প্ৰতিবাদত আজিও বিশ্ববিদ্যালয় চৌহদত ক্ষুব্ধ শিক্ষাৰ্থীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ৷দোষীৰ শাস্তি আৰু ৰেগিঙৰ বিৰুদ্ধে কঠোৰ স্থিতিৰ দাবীত অটল বিক্ষুব্ধ শিক্ষাৰ্থী সকল ৷

উজনি অসমৰ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ খনৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্রাবাসত একাংশ জ্যেষ্ঠ ছাত্ৰৰ আক্ৰমণৰ বলি হোৱা বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰৰ আনন্দ শৰ্মা নামৰ ছাত্র জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ মুৰত আৰু ৰাজহাঁড়ত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় আদিত্য হাস্পতালত ৷ আই চি ইউত ভৰ্তি হৈ থকা আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত। উল্লেখ্য এই ঘটনাৰ পিছতে চৰাইদেওৰ পৰা আদিত্য হাস্পতালত উপস্থিত হোৱা আনন্দ শৰ্মাৰ মাতৃয়ে অভিযোগ কৰা মতে তেওঁৰ পুত্ৰৰ জ্যেষ্ঠ ছাত্ৰৰ দলটোৱে ওৰে নিশা নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ যাৰবাবে দুয়োখন হাত আৰু ককাল ভাঙি গৈছে ৷ ভৃত্যৰ দৰে ব্যৱহাৰ কৰি পুত্ৰক মদ আনিবলৈ আৰু বাৰ্চন- বৰ্তন ধুবলৈ বাধ্য কৰিছিল ৷

ভুক্তভোগী ছাত্ৰজনৰ মাতৃয়ে দিয়া এজাহাৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে তৎপৰ হৈ যোৱা নিশা বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ৰেঙিংৰ স’তে জড়িত তিনি ছাত্ৰ ক্ৰমে সীমান্ত হাজৰিকা,প্ৰানজিত বৰুৱা আৰু নিৰঞ্জন ঠাকুৰক আটক কৰে ৷ আৰক্ষীয়ে ঘটনাৰ স’তে জড়িত ওঠৰজন ছাত্ৰক চিনাক্ত কৰি সকলোকে তালিকা বিশ্ববিদ্যালয় কতৃৰ্পক্ষক দাখিল কৰিছে৷ প্ৰাপ্ত খবৰ অনুসৰি উল্লিখিত ছাত্ৰ কেইজনক বিশ্ববিদ্যালয়ৰ পৰা বহিস্কৃত কৰাৰ প্ৰস্তুতি চলাইছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংৰ সমগ্ৰ কাণ্ডৰ বিষয়ে বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষ আৰু ভুক্তভোগী পৰিয়ালৰ পৰা অভিযোগ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনা সন্দৰ্ভত ডিব্ৰুগড় জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা আৰু আহত ছাত্ৰজনৰ উপযুক্ত চিকিৎসা প্ৰদানৰো আহ্বান জনায় প্ৰশাসনক ৷ ডিব্ৰুগড় আৰক্ষীয়ে মুল অভিযুক্ত ৰাহুল ছেত্ৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

Exit mobile version