FIFA World Cup 2022 : ফিফা বিশ্বকাপত মৰক্কোৰ জয়ৰ পাছত বেলজিয়ামত বিক্ষোভ, আটক একাধিক সমৰ্থক

1669616186 brussels

FIFA World Cup 2022 :

কাটাৰত পৰাজয়ৰ বাবে কেভিন দ্য ব্রুইন আৰু বেলজিয়ামৰ ৰাজধানীত জ্বলিল জুই । ব্রাছলছৰ পথত গাড়ী জ্বলাই দিয়ে সমর্থকসকলে । আৰক্ষীৰ স’তে সংঘর্ষতো জড়িত হয় অনেকে । বাধ্য হৈ কন্দোৱা গেছ, পানী নিক্ষেপ কৰে আৰক্ষীয়ে । কিছুসংখ্যক লোকক গ্রেপ্তাৰো কৰা হৈছে ।

দেওবাৰে বেলজিয়াম ০-২ গোলত পৰাজিত হয় মৰক্কোৰ বিৰুদ্ধে । দ্য ব্রুইনৰ হাৰ মানি ল’ব পৰা নাই দেশৰ সমর্থকসকলে । তেওঁলোকে ব্রাছেলছত দোকানৰ কাচ ভাঙে, গাড়ীত জুই জ্বলাই দিয়ে । আৰক্ষীয়ে জনাইছে, ১১ জনক গ্রেপ্তাৰ কৰা হৈছে । কিছুসংখ্যকক আটক কৰা হৈছে । আৰক্ষী সূত্রে খবৰ, খেল শেষ হোৱাৰ আগতেই বেছ কিছু সমর্থক পথত ওলাই আহে । তেওঁলোকে মুখ ঢাকি ৰাখিছিল । সেই সমর্থকসকলে এনে কাণ্ড আৰম্ভ কৰে, যিয়ে সাধাৰণ মানুহৰ ক্ষতি কৰে ।

আৰক্ষীৰ এজন বিষয়াই কয়, “পথত ওলাই অহা সমর্থকসকলৰ হাতত ৰড আছিল । আৰক্ষীৰ ওপৰত আক্রমণ কৰা হয় । সেয়ে মেট্র’ সেৱা বন্ধ কৰি দিয়া হয় । একাধিক পথ বন্ধ কৰি দিয়া হয়, যাতে সংঘর্ষ বিয়পি নপৰে ।”

ব্রাছলছত আৰক্ষীৰ হেলিকপ্টাৰো দেখা যায় । মেয়ৰ ফিলিপ ক্লোজে কয়, “সন্ধিয়া যি ঘটনা সংঘটিত হৈছে ম‌ই তাৰ বিৰোধিতা কৰিছো । আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা লৈছে । ম‌ই সমর্থকসকলক চহৰত অহাত বাধা দিছো । জনসাধাৰণৰ সুৰক্ষাৰ স্বার্থত যি যি কৰা সম্ভৱ আৰক্ষীয়ে কৰিছে । যিয়ে এই ধৰণৰ কাণ্ড কৰিছে, তেওঁলোকক গ্রেপ্তাৰ কৰইবলৈ, ম‌ই আৰক্ষীক কৈছো ।”

বেলজিয়ামত প্রায় পাঁচ লাখ লোকে বাস কৰে যিসকল মৰক্কো বংশমূলৰ । বেলজিয়ামৰ পৰাজয়ৰ পাছত প্রি-কোৱার্টাৰ ফাইনেলত যোৱাৰ পথ প্ৰশস্ত হয় মৰক্কোৰ । দুটা মেচৰ পাছত মৰক্কো আৰু ক্রোয়েছিয়াই চাৰি পইন্ট সংগ্রহ কৰে । বেলজিয়ামে সমসংখ্যক মেচ খেলি পাইছে তিনি প‌ইন্ট । কানাডাই এই পর্যন্ত একো প‌ইন্ট পোৱা নাই । বিশ্বকাপৰ পৰা ওলাই গৈছে তেওঁলোক ।

বেলজিয়ামৰ শেষ মেচ ক্রোয়েছিয়াৰ বিৰুদ্ধে আছিল । প্রি-কোৱার্টাৰ ফাইনেলত যাবলৈ সেই মেচত জয়ী হ’ব‌ই লাগিব বেলজিয়ামে । আনহাতে, মৰক্কোৰ শেষ মেচ কানাডাৰ বিৰুদ্ধে । প্রতিপক্ষৰ বিৰুদ্ধে জয়ী হ’লে পাছৰ পৰ্যায়ত যাব তেওঁলোকো । ড্র কৰিলেও প্রি-কোৱার্টাৰ ফাইনেলত যোৱাৰ সুযোগ থাকিব তেওঁলোকৰ হাতত ।

Exit mobile version