মহানগৰীৰ স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেঞ্জ দি অপৰাধীয়ে ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰখাৰ মাজতে শেহতীয়াকৈ দিন দুপৰতে সদাব্যস্ত পাঞ্জাবাৰীত ৰনজিৎ বৰা নামৰ পূৰবী ডেইৰী বিতৰক জনক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে থৰকাছুটি হেৰুৱাইছে আৰক্ষী ৷
ADVERTISEMENT
মহানগৰীখনৰ আইন শৃংখলা অৱনতি শংকাত সোমবাৰে আৰক্ষী আয়ুক্তালয়ত এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। আৰক্ষী আয়ুক্ত হৰমিত সিংৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠক খনত যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ লগতে মহানগৰীৰ এচি পি,ডিচিপি আৰু থানা সমূহৰ অ’চি সকল উপস্থিত থাকে ৷ একেদৰে বৈঠকত উপস্থিত থাকে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ প্ৰাপ্ত খবৰ মতে বৈঠক খনত আইন শৃংখলা সন্দৰ্ভত খৰচি মাৰি আলোচনাৰ অন্তত নতুনকৈ প্ৰস্তুত কৰে গুৱাহাটীৰ ক্ৰাইম মেপ ৷