Longest Serving President : ৪৩ বছৰে শাসনক্ষমতাত এজনেই ৰাষ্ট্ৰপতি আফ্রিকাৰ তৈলসমৃদ্ধ এই দেশত !

WhatsApp Image 2022 11 28 at 18.54.56

Longest Serving President :

এইখন দেশত বহিয়ে-কলমে গণতান্ত্রিক ব্যৱস্থা আছে, কিন্তু বিৰোধী দল বা স্বাধীন সংবাদমাধ্যমৰ প্রায় কোনো অস্তিত্ব নাই । প্রতিটো নির্বাচনতেই এই দেশত এটা দলেই শাসন ক্ষমতাত আহে । ৰাষ্ট্ৰপতি হৰ একেজন ব্যক্তিয়ে ।

দেশখন হৈছে আফ্রিকাৰ পশ্চিম উপকূলত অৱস্থিত ইকুয়েটৰিয়েল গিনি । ১৯৬৮ পর্যন্ত দেশখন ফৰাচী উপনিবেশ আছিল । তাৰ পাছত দেশখনত গণতন্ত্র প্রতিষ্ঠিত হয় । কিন্তু দেশখনত এই পর্যন্ত বিৰোধীসকলক শাসকৰ আসনত অধিষ্ঠিত হোৱা পৰিলক্ষিত হোৱা নাই ।

কিছু দিন পূৰ্বে সেই দেশৰ সাধাৰণ নির্বাচনত ‘অসাধাৰণ’ সাফল্য লাভ কৰিছে শাসক দলে । ৪৩ বছৰ ধৰি দেশ শাসন কৰাৰ পাছত পুনৰ ৰাষ্ট্ৰপতি হৈছে টেওডোৰো অ’বিয়াং এনগুয়েমা এমবাছোগো ।

নির্বাচনৰ ফলাফল অনুযায়ী মুঠ বৈধ ভোটৰ ৯৫ শতাংশ‌ই তেওঁৰ পক্ষত আছে । ইতিহাস অনুসৰি, ইমান দীর্ঘ সময় ধৰি বিশ্বৰ কোনো ৰাষ্ট্রপতিয়ে ক্ষমতাত থকা নাই ।

১৯৭৬ত ফৰাচীসকলে গিনি ত্যাগ কৰাৰ পাছত ৰাষ্ট্ৰপতি হয় ফ্রান্সিছকো মেছিয়াছ এনগুয়েমা । তেওঁৰেই উত্তৰসূৰী হিচাপে ১৯৭৯ত পদত অধিষ্ঠিত হয় ভতিজা অ’বিয়াং এনগুয়েমা ।

মানৱাধিকাৰ সংগঠনবোৰৰ অভিযোগ, দেশত কোনো গণতন্ত্র নাই । নাই কোনো বিৰোধী দলো । বিৰোধী সকলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিলেও বিশেষ সুবিধা দিব নোৱাৰে ।

   দেশৰ সকলো সংবাদ মাধ্যমেই চৰকাৰৰ নিয়ন্ত্রণাধীন । সেয়ে বিৰোধী সকলক অত্যাচাৰ কৰাৰ অভিযোগ উঠিলেও চৰকাৰ নিয়ন্ত্রিত গণমাধ্যমত সেই কথা উত্থাপন নহয় ।

দেশ খনত সেনাৰ অতি সক্রিয়তা আৰু তেলৰ অফুৰন্ত ভাণ্ডাৰ আছে । কে’বাটাও সেনা অভ্যুত্থান দমন কৰি পদত অধিস্থিত আছে এনগুয়েমা । ১৯৯৬ত আৱিষ্কৃত হোৱা অফুৰন্ত তেলৰ ভাণ্ডাৰেও আর্থ-সামাজিক মানদণ্ডত পিছুৱাই ৰাখিছে এই দেশখনক ।

দেশখনত এতিয়াও অনাহাৰ, দাৰিদ্র আছে । বিৰোধী সকলৰ অভিযোগ, দেশৰ সম্পদ লুট কৰিছে শাসক দলে । ৰাষ্ট্ৰপতি এনগুয়েমাই অৱশ্যে কয়, “আমি ঠিকে আছিলো, তাৰ প্রতিফলন নির্বাচনৰ এই ফলাফল ।”

Exit mobile version