Narendra Modi : ইমেইলত প্রধানমন্ত্রী মোদীক হত্যাৰ ভাবুকি, উত্তৰপ্রদেশত গ্রেপ্তাৰ আইআইটিৰ প্রাক্তন ছাত্র

pm narendra modi launches new start up policy of madhya pradesh government

Narendra Modi :

প্রধানমন্ত্রী নৰেন্দ্র মোদীক (Narendra Modi) হত্যাৰ ভাবুকি । ইমেইলৰ জৰিয়তে এই ভাবুকি দিয়া হৈছে । উত্তৰ প্রদেশৰ (Uttar Pradesh) বাসিন্দা আইআইটিৰ প্রাক্তন এজন ছাত্রক এই ঘটনাত গ্রেপ্তাৰ কৰা হৈছে । এটিএছ (ATS) সূত্রে জানিব পৰা গৈছে, যোৱা সোমবাৰে গুজৰাটৰ (Gujarat) জামনগৰত সভা আছিল প্ৰধানমন্ত্ৰী মোদীৰ । সেই সময়তেই ভাবুকিৰ মেইলটো আহে । দ্রুত ঘটনাৰ তদন্তত নামে আৰক্ষী । গ্রেপ্তাৰ হয় যুৱক ।

কিয় ভাবুকি দিয়া হয় প্ৰধানমন্ত্ৰী মোদীক ?

প্রাথমিক তদন্তত জানিব পৰা গৈছে, এই‌ ঘটনাত প্রেমজনিত কাণ্ড জড়িত হৈ আছে । উত্তৰ প্রদেশৰ বাদাউনৰ বাসিন্দা অভিযুক্ত অমন ছাক্সেনা । তেওঁ আইআইটি ব’ম্বেৰ (IIT Bombay) পৰা বি-টেক পাছ কৰে । সম্প্রতি এগৰাকী যুৱতীৰ স’তে সম্পর্ক স্থাপন হয় । ইপিনে সেই যুৱতীগৰাকীৰ প্ৰেমত আন এজন যুৱক । সম্প্রতি তেওঁৰ প্রতি আকৃষ্ট হয় প্রেমিকা । ইয়াৰ পাছতেই প্রতিদ্বন্দ্বী যুৱকক সমস্যাত পেলাবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রাণনাশৰ ভাবুকি দি ইমেইল কৰে অমনে । তাৰ বাবে নিজ ফোন আৰু লেপটপ ব্যাৱহাৰ কৰিছিল তেওঁ । যাৰ বাবে তেওঁ আৰক্ষীৰ জালত পৰে ।

শনিবাৰে এটিএছ-এ গ্রেপ্তাৰ কৰিছে অভিযুক্ত অমন ছাক্সেনাক । জেৰাৰ পাছত তেওঁ প্রেমজনিত প্রতিষোধৰ বিষয়টো তদন্তকাৰীসকলক জনাই যদিও প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বাবে বিস্তাৰিত তদন্ত চলোৱা হৈছে । আৰক্ষী সূত্রে খবৰ, এটিএছ তদন্তকাৰীসকলে বাদাউনৰ ঘৰৰ পৰা যুৱকজনক গ্রেপ্তাৰ কৰিছে । তেওঁৰ ফোন আৰু লেপটপ বাজেয়াপ্ত কৰা হৈছে । একাধিক ধাৰাত যুৱকজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে আৰক্ষীয়ে । প্রাথমিক তদন্তত ঘটনাৰ স’তে কেৱল অমন ছাক্সেনা অকলে জড়িত যেন লাগিলেও পৰ্যৱেক্ষণ কৰা হৈছে, সম্পূৰ্ণ ঘটনাটোত আৰ কোনো জড়িত আছে নেকি ।

যোৱা এপ্রিলত প্রধানমন্ত্রী মোদীক হত্যাৰ ভাবুকি দি এনআইএ-ক (NIA) ইমেইল কৰে । এনআইএ-ৰ মুম্বাই (NIA Mumbai) শাখাত প্ৰেৰণ কৰা এই ভাবুকি ইমেইলত উল্লেখ কৰা হয়, আক্ৰমণৰ বাবে প্রস্তুত ২০জন শ্লিপাৰ ছেল, ২০ কেজি আৰডিএক্স । ইমেইলত উল্লেখ কৰা হৈছিল প্রধানমন্ত্রীৰ লগতে আৰু অনেকৰ ওপৰত আক্রমণৰ প্রস্তুতি চলিছে ।

উল্লেখ্য যে, দেশ আৰু বিদেশৰ পৰা একাধিকবাৰ হত্যাৰ ভাবুকি পাইছে প্ৰধানমন্ত্ৰী মোদীয়ে । যাৰ পাছত দ্রুত ব্যৱস্থা লৈছে কেন্দ্রীয় তদন্তকাৰী সংস্থাই ।

Exit mobile version