Nonmati Fire : নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

জুইত জাহ গ'ল ১০ টাকৈ বাসগৃহ

99a557c5 41b9 4901 a26b e55430c073bc

Nonmati Fire :

মহানগৰীৰ তৈলনগৰী নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত ভস্মীভূত হয় দহটাকৈ বাসগৃহ ৷ ক্ষয়ক্ষতি হয় কেবালাখ টকাৰ সা-সম্পত্তি ৷

প্ৰাপ্ত খবৰ অনুসৰি নুনমাটি শোধনাগাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোলেলুৰ আলী নামৰ শিক্ষক জনৰ বাসগৃহৰ পৰা সুত্ৰপাত জুয়ে একেই চৌহদতে থকা আন ভাড়াঘৰ জুইৰ শিখাই আবৰি ধৰে৷ একেদৰে ভয়ংকৰ জুয়ে চুবুৰীয়া ছিদ্দিক আলীৰ চাৰিটা ভাড়াঘৰতো আগুৰি ধৰাত পলকতে জুয়ে ভস্মীভূত হয় বাসগৃহ কেইটা ৷

অগ্নিকাণ্ডত এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে শোধনাগাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ উপৰিও দিছপুৰ অগ্নিনিৰ্বাপক কেন্দ্ৰৰ পৰা অহা গাড়ীয়ে কেবাঘণ্টা যোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ হয় ৷

উল্লেখ্য যে ২৩নৱেম্বৰতো মালিগাঁওৰ গোটানগৰ বিজি কলনিটো ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল৷ জুইত জাহ গৈছিল দহটাকৈ বাসগৃহ ৷

Exit mobile version