P T Usha:ভাৰতীয় অলিম্পিক সন্থাৰ পৰৱৰ্তী সভানেত্ৰী

কিংবদন্তি ক্ৰীড়াবিদ পি টি ঊষা

WhatsApp Image 2022 11 28 at 18.08.58 1

P T Usha:
সকলো উৎকণ্ঠাৰ অন্ত পেলাই অৱশেষত ভাৰতীয় অলিম্পিক সন্থাৰ পৰৱৰ্তী সভানেত্ৰী ৰূপে অধিষ্ঠিত হ’ব দেশৰ কিংবদন্তি ক্ৰীড়াবিদ স্পীড কুইন পি টি ঊষা ৷ এই কথা আনুষ্ঠানিকভাৱে টুইটযোগে ঘোষণা কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷

উল্লেখ্য যে ২৬ নৱেম্বৰত ভাৰতীয় ক্ৰীড়াৰ অভিভাৱক স্বৰূপ ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচনত অৱতীৰ্ণ হোৱা কথা ঘোষণা কৰিছিল ৰাজ্যসভাৰ মনোনিত সাংসদ গৰাকীয়ে ৷

মনকৰিবলগীয়া যে সভাপতি পদৰ বাবে উচ্চাৰিত হৈছিল ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি তথা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷

আনকি বেডমিণ্টন সন্হাৰ পৰা তেওঁৰ নাম পঠিওৱা হৈছিল ৷ কিন্ত পৰৱৰ্তী সময়ত কিংবদন্তি ক্ৰিয়াবিদ গৰাকীৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকী ৰেচৰ পৰা আঁতৰি আহে ৷

স্মতৰ্ৱ্য যে ১০ ডিচেম্বৰত অলিম্পিক সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ সভাপতি পদত প্ৰতিদ্বন্দ্ব্বিতা কৰা পি টি ঊষাৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থী অৱতীৰ্ণ নোহোৱাত বিনা প্ৰতিদ্বন্দ্বিতাৰে অলিম্পিক সন্থাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় প্ৰখ্যাত এথলিট গৰাকী।

ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী ৰূপে অধিষ্ঠিত হোৱা পিটি ঊষা সন্থা প্ৰথম গৰাকী মহিলা সভানেত্ৰী হোৱাৰ গৌৰৱ অৰ্জন কৰে ৷

৮০ দশকৰ পৰা ৯০ দশকৰ ভিতৰত এছিয়ান গেমছত ভাগ লৈ দেশৰ হৈ চাৰিটা সোণৰ পদক সহ এঘাৰটা পদক অৰ্জন কৰি বিশ্বত স্পীড কুইন হিচাপে খ্যাতি লাভ কৰে।

Exit mobile version