Pandu-Kamakhya Link Road: মুকলিৰ পূৰ্বে পাণ্ডু- কামাখ্যা সংযোগী পথৰ নৱনির্মিত গাৰ্ড ৱালত মেলিছে বৃহৎ ফাট

WhatsApp Image 2022 11 28 at 18.38.19 1

Pandu-Kamakhya Link Road:

ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে কামাখ্যা ধাম যোৱাৰ বাবে২০১৭ত আৰম্ভ হৈছিল পাণ্ডু- কামাখ্যা সংযোগী নতুন পথৰ নিৰ্মান কাৰ্য। অধিকাংশ নিৰ্মাণ কায্য সম্পূৰ্ণ হৈছে কিন্তু তাৰে মাজত পাণ্ডু- কামাখ্যা নতুন সংযোগী পথৰ গাৰ্ড ৱালত মেলিছে বৃহৎ ফাট |

যি কোনো মুহূৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ ঘটনা। নৱনির্মিত গাৰ্ড ৱাল খনৰ মাজ অংশত মেলিছে বৃহৎ ফাট, ওপৰৰ পৰা তললৈ বৃহৎ ফাট মেলিছে গাৰ্ড ৱাল খনত, কিন্তু কি কাৰণত নৱনির্মিত গাৰ্ড ৱাল খনত মেলিলে এই বৃহৎ ফাট সেয়া এতিয়াও স্পষ্ট হোৱা নাই

| ১৩৮৫.৩৯ লাখ টকাৰ ব্যয় সাপেক্ষে ২০১৭ত  পৰা নিবিদা লাভ কৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল m/s Shass engineers নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে। ২০২০ চনৰ ২৫ জুলাইত এই পথৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ কৰাৰ কথা আছিল |

কিন্তু সময়সীমা পাৰ হোৱাৰ পিছতো আজি পৰ্যন্ত সম্পূৰ্ণ নহল পাণ্ডু -কামাখ্যা সংযোগী পথৰ নিৰ্মাণ কাৰ্য। অম্বুবাচী মেলাৰ সময়ত এজাক বৰষুণৰ পিছত ভূমিস্খলনৰ ফলত খহি গৈছিল পথটিৰ এটা অংশ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে নৱনির্মিত গাৰ্ড ৱালত বৃহৎ ফাট |

কিন্তু কি কাৰণত এই বৃহৎ ফাট মেলিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। নিৰ্মাণ কাৰ্যত গাফিলটি কৰিছিল নেকি নিৰ্মানকাৰী সংস্থাটোৱে | মুকলিৰ পূৰ্বে এই বৃহৎ ফাট এতিয়া শংকা সৃষ্টি কৰিছে ৰাইজৰ মাজত।

Exit mobile version