‘’ স্বাস্থ্য সম্পদ ‘’ Dengue Prevention : চিকিৎসকে আগবঢ়াইছে ডেংগু মহৰ পৰা বচাৰ উপায় , জানিবলৈ পঢ়ক :

3f13b221 24ff 4650 abcd 211299185e79

Dengue Prevention :

ৰাজ্যজুৰি ডেংগু ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে । এনে সময়ত কেনেকৈ আমি এই ডেংগু ৰোগ প্ৰতিৰোধ কৰিব পাৰো , সেইবিষয়ে সচেতন হোৱাতো খুবেই প্ৰয়োজন হৈ পৰিছে ।

ডেংগু এটা ভাইৰাছজনিত অসুখ । ইয়াৰ একমাত্ৰ কাৰণ হৈছে , এডিছ ইজিপ্টাই মহ । এই মহে কামোৰাৰ ফলত শৰীৰত ডেংগু ৰোগ হ’ব পাৰে । বৰ্তমান ডেংগু এক নিদাৰুণ সমস্যা হৈ পৰিছে সকলোৰে বাবে । এইক্ষেত্ৰত আমাৰ ৰোগ সম্পৰ্কে জ্ঞান নথকা বাবেও ই অধিক জটিল হৈ পৰিছে ।

ডেংগু ভাইৰাছৰ কে’বাটাও ভাগ আছে । এক , দুই , তিনি আৰু চাৰি নম্বৰ । এই চাৰিটা ভাগেই বৰ্তমান মানুহক আক্ৰান্ত কৰিছে । ইয়াৰোপৰি ডেংগুৰ এই প্ৰতিটো ভাইৰাছে না-না ধৰণে মানুহক আক্ৰমণ কৰি আহিছে । ইয়াৰ প্ৰতিটো ভাগেই চিন্তাৰ কাৰণ ।

এইক্ষেত্ৰত কলকতাৰ বিশিষ্ট চিকিৎসক ডা: ৰুদ্ৰজিৎ পালে কৈছে যে , বৰ্তমান ডেংগু খুবেই বাঢ়ি গৈ আছে । এই ৰোগত আক্ৰান্ত হ’লে অতিপাত জ্বৰ , গাৰ বিষ , মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে । ডেংগু জ্বৰ বেছিকৈ হ’লে মূৰত হিম’ৰাইজ হোৱাৰ সম্ভাৱনা থাকে ।

এনে সময়ত দ্ৰুত চিকিৎসাৰ দৰকাৰ । অন্যথা মৃত্যু পৰ্যন্ত হ’ব পাৰে । ডা: পালে আৰু কৈছে যে , ডেংগু মহে কামোৰাৰ কোনো নিৰ্দিষ্ট সময় নাই । দিনৰ ভাগতো আপোনাক এই মহে কামুৰিব পাৰে ।

সাধাৰণতে মেলেৰীয়া মহে ৰাতিৰ ভাগত কামোৰে । কিন্তু ডেংগি মহে আপোনাক দিনৰ ভাগতো কামুৰিব পাৰে । অৰ্থাৎ ৰাতিপুৱা , গধূলি যিকোনো সময়তে ডেংগি মহে আপোনাক কামুৰিব পাৰে ।

ডা: পালৰ মতে , বৰ্তমান আমাৰ মাজত প্ৰচুৰ ডেংগু ৰোগী আছে । এবাৰ যদি আপোনাক এডিছ মহে কামুৰিছে , তেন্তে এই ভাইৰাছ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিবই । পুনৰ এই মহে আন এজন সুস্থ মানুহক কামুৰিলে এই ৰোগ ততালিকে বিয়পি পৰে ।
আপোনাৰ শৰীৰত এই ভাইৰাছ প্ৰৱেশ কৰিলে, কিমান দিনৰ পিছত লক্ষণ দেখা দিব পাৰে !
আপোনাৰ শৰীৰত এই ভাইৰাছ এবাৰ প্ৰৱেশ কৰিলে অতি দ্ৰুত বেগত বিয়পি পৰে ।

অৰ্থাৎ জীৱাণু প্ৰৱেশ কৰাৰ লগে লগে দুই বা সাতদিনৰ ভিতৰত আপোনাৰ শৰীৰত ইয়াৰ লক্ষণে দেখা দিব । লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ কাষ চপা উচিত ।


ডেংগু ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ডা: পালে কিছুমান পৰামৰ্শ আগবঢ়াইছে । এই পৰামৰ্শসমূহ হৈছে ,

১/ মহৰ ধূপ বা তেল ব্যৱহাৰ কৰা উচিত ।
২/ মহ দূৰ কৰাৰ ক্ৰিম ব্যৱহাৰ কৰক ।
৩/ দুৱাৰ-খিৰিকি পাৰিলে বন্ধ ৰখাৰ ব্যৱস্থা কৰক ।
৪/ হাত-ভৰি ধাকি ৰখাৰ ব্যৱস্থা কৰক ।
৫/ ঘৰৰ কাষত পানী জমা হ’বলৈ নিদিব ।
৬/ ফ্ৰিজৰ পিছফালে জমা হৈ থকা পানী পৰিষ্কাৰ কৰক ।
৭/ আপুনি বাস কৰা অঞ্চলটোৰ আশে-পাশে পানী জমা হৈ থাকিলে প্ৰশাসনক জনাওঁক ।
৮/ মহ মাৰিবৰ বাবে ডিডিটি পাউদাৰ , ধোঁৱা আদি ব্যৱহাৰ কৰক ।

যিহেতু ডেংগু হৈছে এক ভয়ংকৰ ৰোগ । ৰোগৰ লক্ষণ দেখা দিলে লগে লগে পৰীক্ষা কৰাৰ দৰকাৰ । যদিও জ্বৰ কমাবলৈ সাধাৰণ পেৰাচ্যুটাম’ল খালেই হয় । তথাপি এই ৰোগে আপোনাৰ মগজুত আক্ৰমণ কৰিলে মগজুৰ ৰক্তক্ষৰণ হৈ আপোনাক মৃত্যুমুখলৈ ঠেলি দিব পাৰে । গতিকে এই ৰোগৰ লক্ষণে দেখা দিলে , কেতিয়াও অৱহেলা নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে ।
বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো সচেতনতা বৃদ্ধিৰ বাবে যুগুত কৰা হৈছে । কোনো ৰোগত আক্ৰান্ত হ’লে ততাতৈয়াকৈ চিকিৎসকৰ ওচৰ চাপিব লাগে ।

Exit mobile version