Missing Woman in America : সৰুতেই কৰা হৈছিল অপহৰণ ! ৫১ বছৰ পাছত পুনৰ মিলন হ’ল পিতৃ মাতৃৰ স’তে

1669696405 family reunion

Missing Woman in America :

সৰুতেই অপহৰণ কৰা হৈছিল কিশোৰীক । অপহৰণৰ ৫১ বছৰ পাছত পুনৰ লগ পালে পিতৃ- মাতৃক ! ঘটনাটো আমেৰিকা টেক্সাছৰ ঘটনা।

১৯৭১ চনৰ ২৩ আগষ্টত মেলিছা হাইস্মিথক টেক্সাছৰ ফৰ্ট ৱৰ্থত থকা তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰা হয়। সেই সময়ত, আৰক্ষীয়ে মেলিছাক তেওঁ মাক-দেউতাকৰ কোলালৈ ঘূৰাই দিয়াত ব্যৰ্থ হয় ।

দ্য গাৰ্ডিয়ানত দিয়া এক প্ৰতিবেদন অনুসৰি, মেলিছাৰ যত্ন লোৱাৰ দায়িত্বত থকা মহিলগৰাকীয়ে কিশোৰীগৰাকীক অপহৰণ কৰিছিল ।

মেলিছাৰ মাক আলতা আপাণ্টেঙ্কোৱে এখন বাতৰি কাকতৰ যোগেদি তেওঁৰ জীয়েকৰ যত্ন ল’বলৈ বিজ্ঞাপন দি মানুহ বিচাৰে । যেতিয়া এগৰাকী মহিলাই তেওঁলোকৰ স’তে যোগাযোগ কৰে, আলতাই তেওঁক মেলিছাৰ যত্ন লোৱাৰ দায়িত্ব দিয়ে।

কিন্তু কামটোত যোগদান কৰাৰ কিছুদিনৰ ভিতৰতে মহিলাগৰাকীয়ে মেলিছাক অপহৰণ কৰি পলায়ন কৰে অভিযুক্ত মহিলাগৰাী । আৰক্ষীক অভিযোগ দাখিল কৰা হয় যদিওঁ একো লাভ নহ’লে।

তাৰ পাছত, একেৰাহে ৫১ বছৰৰ ব্যৱধান । মেলিছাৰ মাক দেউতাক এতিয়া বয়সস্থ হৈছে। তেওঁলোকৰ চাৰিজন পুত্ৰ আৰু কন্যা আৰু নাতি-নাতিনীৰে পৰিপূৰ্ণ এটা পৰিয়াল আছে। তেওঁলোকে এইটোও পাহৰি গৈছিল যে তেওঁলোকৰ মেলিছা নামৰ এজনী ছোৱালী আছিল।

অৱশ্যে, এই বছৰৰ ছেপ্টেম্বৰত মেলিছাৰ পৰিয়ালৰ এজন আত্মীয়ই তথ্য পাইছিল যে ফৰ্ট ৱৰ্থৰ ওচৰৰ এখন চহৰত এগৰাকী মহিলাৰ সন্ধান পোৱা গৈছিল, যাৰ জন্মচিহ্ন মেলিছাৰ দৰে একে ।

মিলিছে জন্মদিনো । তৎক্ষণাৎ মেলিছাৰ মাক দেউতাক চহৰলৈ গৈ মহিলাগৰাকীৰ ডিএনএ পৰীক্ষা কৰাই । ডি.এন.এ. প্ৰতিবেদন অহাৰ পাছত, দেখা যায় যে এয়া সেই একেই মেলিছা যি ৫১ বছৰ ধৰি তাইৰ পিতৃ-মাতৃৰ অবিহনে থাকিব লগা হৈছিল।

মেলিছা অলপতে ঘৰলৈ উভতি আহে । তাই নিজৰ মাক দেউতাক আৰু তাইৰ পৰিয়ালৰ বাকী সকলক পাই সুখী। মেলিছাক ঘূৰাই পোৱাৰ সুখত শনিবাৰে, মেলিছা, তেওঁৰ মাক-দেউতাক আৰু চাৰিজন ভাই-ভনীক ফৰ্ট ৱৰ্থৰ এটা গীৰ্জাত একেলগে উল্লাস কৰা দেখা যায়।

মেলিছাৰ ভগ্নী শ্বাৰণ হাইস্মিথে কয়, “তদন্তকাৰী আৰক্ষীয়ে আমাৰ পৰিয়ালক হাৰাশাস্তি কৰে । আমাক কোৱা হৈছিল যে তেওঁক বিচাৰি পোৱা নাযায়। কিন্তু এতিয়া আমি মেলিছাক পাই সুখী। মই তেওঁক ইমান বছৰ ধৰি দেখা নাই। আমি বাকী দিনবোৰ সুখেৰে কটাব বিচাৰো। ‘

Exit mobile version