Noonmati Fire : নুনমাটিৰ শিৱনগৰত ভয়ানক অগ্নিকাণ্ড

Noonmati Fire :

নুনমাটিৰ ৰেল লাইনৰ সমীপত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড । মূহুৰ্ততে জ্বলি ভস্মীভূত হয় দুটাকৈ বাসগৃহ ।তথ্য অনুসৰি জুইত ভস্মীভূত হোৱা বাসগৃহ দুটা মণিকা মণ্ডল আৰু ৰাচিদা খাতুন নামৰ দুগৰাকী মহিলাৰ ।

অগ্নিকাণ্ডত ৫০০ টকীয়া নোট নগদ ডেৰ লক্ষাধিক টকা জ্বলি ছাই হোৱাৰ লগতে সোণৰ আ অলংকাৰ আৰু দোকানৰ বয় বস্তু সহ প্ৰায় পাঁচ লক্ষাধিক মূল্যৰ সম্পত্তি জুইত জাহ যায় ।

ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে ।

Exit mobile version