Opium Seized : বোকাজানত নাকা তালাচীত জব্দ এক কোটিৰ কানি

da0f6cd8 a300 4d3f b42d 5ffb03e2ac89

Opium Seized :

ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানৰ অংশ হিচাপে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ডিলাইত ১ কোটি টকাৰ নিষিদ্ধ কানি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

বোকাজানৰ ডিলাই আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত এখন ট্ৰাকৰ পৰা জব্দ কৰে ১৮ কেজি কানি।

প্ৰাপ্ত খবৰ মতে মণিপুৰৰ পৰা সৰবৰাহ কৰা এ এছ০১-জি চি ৫৪৭৮ নম্বৰৰ ট্ৰাক এখনৰ ইঞ্জিনৰ ভিতৰত ক’লা প্লাষ্টিকেৰে মেৰিয়াই টোপোলা বনাই সংগোপনে লুকুৱাই আনিছিল কানিখিনি ৷

আৰক্ষীয়ে কানি সৰবৰাহৰ স’তে জড়িত অজয় বাছনেট আৰু দেওমন লিম্বু নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Exit mobile version