Stray Dog in Hospital Bed : চিকিৎসালয়ৰ বিছনাত শুই আছে পথৰ কুকুৰ ! কাষতে ৰোগীৰ চিকিৎসা, ভাইৰেল ভিডিঅ’

1669694618 icu dog

Stray Dog in Hospital Bed :

চিকিৎসালয়ৰ কোঠাত শুই আছে চিকিৎসাধীন ৰোগীসকল । সেই কোঠাটোৰে এখন খালি বিছনাত শুই আছে এটা পথৰ কুকুৰ । আৰু কুকুৰৰ কাষৰ বিচনাতে চলি আছে আন ৰোগীৰ চিকিৎসাও । সম্প্ৰতি এই দৃশ্য পোহৰলৈ আহিল উত্তৰ প্ৰদেশৰ আজমগড়ৰ মাণ্ডালিয়া জিলা চিকিৎসালয়ৰ ।

ADVERTISEMENT

এই ঘটনাটোৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত, চিকিৎসালয়ৰ সাধাৰণ ৱাৰ্ডৰ বিচনাত এটা পথভ্ৰষ্ট কুকুৰ পৰি থকা দেখা গৈছে।

কুকুৰটোৰ শুই থকাৰ কাষতে আন ৰোগীসকলক চিকিৎসা কৰা হৈছে। আৰু তাক লৈ কোনো আপত্তি নাই চিকিৎসালয় কৰ্তৃপক্ষৰ

ঘটনাটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে, ৰোগীৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসালয় কৰ্তৃপক্ষৰ ওপৰত অৱহেলাৰ অভিযোগ উত্থাপন কৰে।

মাণ্ডালিয়া জিলা চিকিৎসালয়ত এই ঘটনাই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও এই চিকৎসালয়ত কুকুৰক মৃত ৰোগীৰ দেহাংশ মুখত লৈ ঘূৰি ফুৰা দেখা গৈছিল।

সেই সময়ত, কৰ্তৃপক্ষই আশ্বাস দিছিল যে এই ঘটনা পুনৰ নহয় । অৱশ্যে, শেহতীয়া ভাইৰেল ভিডিঅ’টোতৰ ওপৰত এতিয়াও কোনো মন্তব্য দিয়া নাই।

Exit mobile version