Digital Rupee : চৰকাৰী নিয়ন্ত্রণ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰা হৈছে নেকি ডিজিটেল মুদ্রা ?

কেনেদৰে কাম কৰিব, কিমান নিৰাপদ

download 1 9

Digital Rupee :

নোট আৰু খুচুৰা ক‌ইনৰ বিকল্প হিচাপে ‘ডিজিটেল ৰুপি’ বা ‘ই-ৰুপি’ আৰম্ভ কৰিব ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই (আৰবিআই) । আৰবিআইৰ তৰফৰ পৰা মঙলবাৰে এই ঘোষণা কৰা হৈছে ।

এক ডিচেম্বৰ অর্থাৎ বৃহস্পতিবাৰৰ পৰা পৰীক্ষামূলকভাৱে ভাৰতত এই ডিজিটেল মুদ্রা আৰম্ভ কৰা হ’ব । ইয়াৰ পূৰ্বে আৰবিআইৰ তৰফৰ পৰা ডিজিটেল মুদ্রাত লেনদেনৰ কোনো ব্যৱস্থা নাছিল ।

‘ডিজিটেল ৰুপি’ সেৱা আৰম্ভ কৰাৰ বাবে সম্প্ৰতি চাৰিটা বেংক আৰবিআইৰ অংশীদাৰ হৈছে । এই বেংকবোৰ হ’ল, ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই), আইচিআইচিআই বেংক, ইয়েছ বেংক আৰু আইডিএফচি ফাৰ্ষ্ট বেংক ।

প্রাথমিকভাৱে আৰবিআইৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল, কেৱল মাত্র নির্দিষ্ট কিছু গ্রাহক আৰু ব্যৱসায়ীসকলৰ মাজত পৰীক্ষামূলকভাৱে ই-ৰুপি লেনদেন আৰম্ভ হ’ব । সফল হ’লে পৰৱর্তী পদক্ষেপ নিৰ্ধাৰণ কৰা হ’ব ।

‘ডিজিটেল ৰুপি’ বা ‘ই-ৰুপি’ আৰম্ভৰ বিষয়ত আৰবিআইৰ ঘোষণাৰ পাছতো অনেকেই নাজানে যে এই ডিজিটেল ৰুপি প্ৰকৃততে কি ?

ক্রিপ্ট’কাৰেন্সিৰ দৰেই ‘ই-ৰুপি’ এটা ডিজিটেল টকেন । অৱশ্যে ভাৰতত এই ডিজিটেল ৰুপিক আইনি স্বীকৃতি দিয়া হ’ব ।

ক্রিপ্ট’কাৰেন্সিৰ দৰে ডিজিটেল ৰুপিৰ দৰ উঠা-নমা নকৰে । কাগজৰ নোট আৰু খুচুৰা ক‌ইনৰ সমান দামতেই আৰম্ভ হ’ব ডিজিটেল ৰুপি ।

কেনেদৰে কাম কৰিব ‘ডিজিটেল ৰুপি’এ ? তাক লৈও সংশয় আৰম্ভ হৈছে অনেকৰ মনত । বর্তমান অনলাইন জালিয়াতি আৰু টকা আত্মসাতৰ ঘটনা বৃদ্ধি পোৱাত ডিজিটেল টকা ব্যৱহাৰ কিমান নিৰাপদ হ’ব সেই সন্দৰ্ভতো একাধিক প্রশ্ন উত্থাপন হৈছে ।

আৰবিআই-য়ে ব্যাখ্যা কৰিছে, এই ডিজিটেল মুদ্রা গ্রাহক আৰু ব্যৱসায়ীসকলৰ ‌মাজত বেংকৰ জৰিয়তে বিতৰণ কৰা হ’ব । ব্যৱহাৰকাৰীসকলে নির্দিষ্ট বেংকে দিয়া ডিজিটেল ৱালেটৰ মাধ্যমত আৰু মোবাইল ফোন বা ডিভাইচত ৰখা ডিজিটেল মুদ্রাৰ মাধ্যমত এই লেনদেন কৰিব পাৰিব ।

আৰবিআই-য়ে নিশ্চিত কৰিছে, ‘ডিজিটেল ৰুপি’ত লেনদেন দুজন গ্রাহক আৰু এজন গ্রাহক আৰু ব্যৱসায়ীৰ মাজত হ’ব পাৰে ।

অনলাইনত বিভিন্ন এপৰ লেনদেনৰ দৰেই সুবিধা আছে ‘ডিজিটেল ৰুপি’ৰ ব্যৱহাৰতো । ব্যৱসায়ীসকলৰ তাত থকা কিউআৰ ক’ড স্কেন কৰি এই ডিজিটেল মুদ্রা দিব পাৰিব গ্ৰাহকে । এই ডিজিটেল মুদ্রা ব্যৱহাৰ কৰা যথেষ্ট নিৰাপদ হ’ব বুলিও আৰবিআই-ৰ দাবী ।

আৰবিআই-ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে ‘নগদ টকাৰ যি যি বৈশিষ্ট্য আছে, ‘ডিজিটেল ৰুপি’তো একেই বৈশিষ্ট্য আছে । নগদ টকাৰ দৰেই ‘ই-ৰুপি’য়ে মানুহক টকাৰ লেনদেনত সহায় কৰিব । অৱশ্যে বেংকত নগদ জমা ৰাখিলে যিদৰে সুদ পোৱা যায়, এই ক্ষেত্রত সেই ধৰণয কোনো সুদ পোৱা নাযাব । বেংকবোৰত এই ডিজিটেল মুদ্রা সম্পত্তি ৰূপেও জমা থ’ব পাৰিব ।

আৰবিআই-য়ে আৰু জনাইছে ‘ডিজিটেল ৰুপি’ প্ৰস্তুত, বিতৰণ আৰু ব্যৱহাৰৰ সম্পূর্ণ প্রক্রিয়া সঠিকভাৱে পৰীক্ষা কৰি চোৱা হৈছে । ভৱিষ্যতেও ডিজিটেল ৰুপি বিভিন্ন পৰীক্ষাৰ মাধ্যমত আৰু উন্নত কৰাৰ চেষ্টা চলিব । মানুহে যাতে অতি সহজে ই-ৰুপি ব্যৱহাৰ কৰিব পাৰে সেই দিশতো বিশেষ দৃষ্টি ৰখা হৈছে । লগতে ‘ডিজিটেল ৰুপি’ ব্যৱহাৰত নিৰাপত্তাৰ দিশো পৰ্যবেক্ষণ কৰিছে আৰবিআই-য়ে ।

এতিয়াই সকলো ঠাইতে ‘ডিজিটেল ৰুপি’ দি লেনদেনৰ সুযোগ নাপাব । প্রথমে দিল্লী, মুম্বাই, বেংগালুৰু আৰু ভুৱনেশ্বৰত এই সেৱা আৰম্ভ কৰিছে আৰবিআই-য়ে ।

সম্প্ৰতি চাৰিটা চহৰত পৰীক্ষামূলকভাৱে আৰম্ভ হ’লেও পাছত আহমেদাবাদ, ইন্দৌৰ, হায়দৰাবাদ, লক্ষ্ণৌ, কোচি, গেংটক, পটনা, গুৱাহাটি আৰু ছিমলাত এই সেৱা আৰম্ভ কৰা হ’ব । পাছত ক্রমশ সমগ্ৰ দেশতে মুকলি কৰা হ’ব এই সেৱা ।

চাৰিটা বেংকক সম্প্ৰতি ‘ডিজিটেল ৰুপি’ বিতৰণত অংশীদাৰ কৰা হৈছে । অৱশ্যে পৰৱর্তী কালত বেংক অৱ বৰোদা, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, এইচডিএফচি বেংক আৰু কোটাক মাহিন্দ্রা বেংকৰ পৰাও ডিজিটেল ৰুপি বিতৰণৰ কথা ভাবিছে আৰবিআই-য়ে ।

প্রয়োজন আৰু ব্যাৱহাৰৰ পৰিসৰ অনুযায়ী আৰু বেংক এই সেৱা আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব বুলিও আৰবিআই-ৰ তৰফৰ পৰা জনোৱা হৈছে ।

দীর্ঘ দিন ধৰি ডিজিটেল মুদ্রা আৰম্ভ কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে আৰবিআই-য়েঢ়। দেশত ক্রিপ্ট’ৰ দপদপনি হ্ৰাস কৰিবলৈ বিকল্প কোনো ব্যৱস্থাৰ কথা চিন্তা কৰিছিল শীর্ষ বেংকে । তাৰেই ফলস্বৰূপ এই ডিজিটেল মুদ্রা । প্রয়োজনত লেনদেনৰ ওপৰত চৰকাৰে দৃষ্টিও ৰাখিব পাৰিব সহজে । খুচুৰা টকাৰ লেনদেনত যি কৰা অসম্ভৱ ।

ক্রিপ্ট’কাৰেন্সিক দেশত বৈধ কৰাৰ সিদ্ধান্তক ৰঙা পতকা প্ৰদৰ্শন কৰি আহিছে আৰবিআই-য়ে । আৰবিআই-ৰ দাবী আছিল, ক্রিপ্ট’কাৰেন্সিৰ ব্যৱহাৰ আৰম্ভ হ’লে ভাৰতীয় অর্থনীতি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ।

সম্প্ৰতি আৰবিআই-ৰ তৰফৰ পৰা পৰীক্ষামূলকভাৱে এই ডিজিটেল মুদ্রা আৰম্ভ হ’লেও কেন্দ্রীয় বেংক অতি শীঘ্রে দেশজুৰি এই সেৱা মুকলি কৰিবলৈ সক্ষম হ’ব বুলি আৰবিআই আশাবাদী ।

Exit mobile version