HIV : প্ৰতি বছৰে গড়ে এহেজাৰ এইছআইভি পজিটিভ ৰোগী ধৰা পৰিছে অসমত

hiv 1

HIV :

‘সমতা স্থাপন কৰা’ৰ মূল বিষয়বস্তুৰূপে লৈ পহিলা ডিচেম্বৰত বিশ্বজুৰি উদযাপিত হ’ব এইডছ দিৱস। এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ তথা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনতাৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ১৯৮৮ৰ পৰাই বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত পহিলা ডিচেম্বৰত উদযাপন হৈ অহা ‘বিশ্ব এইডছ দিৱস’ ।

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতি আদিৰ উদ্যোগত উদ্‌যাপন কৰা হ’ব।

উল্লেখ্য যে ২০৩০ ভিতৰত এইডছ মহামাৰী নিৰ্মূল কৰিবলৈ বিশ্ববাসীয়ে সংকল্প গ্ৰহণ কৰি আগবাঢ়ি গৈছে যদিও বিশ্ব এইডছ দিৱসৰ প্ৰাক্‌ক্ষণত উত্তৰ-পূবৰ ৰাজ্যসমূহত এইছ আই ভি সংক্ৰমণৰ আন এক ভয়াৱহ ছবি পোহৰলৈ আহিছে।

অসম ৰাজ্যিক এইডছ নিয়ন্ত্রণ সমিতিয়ে সদৰী কৰা তথ্য অনুসৰি, অসম তথা উত্তৰ পূবত পূৰ্বৰ তুলনাত এইছ আই ভিৰ প্ৰাদুৰ্ভাৱ কিছু হ্রাস পাইছে যদিও উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসম আৰু ত্ৰিপুৰাত নতুন এইছ আই ভি সংক্রমণৰ বৰ্ধিত হাৰ এতিয়াও উচ্চ।

উল্লেখ্য যে বছৰি গড়ে এহেজাৰটা এইছ আই ভি পজিটিভ ৰোগী অসমত পোৱা যায় আৰু সম্প্ৰতি ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী কঠোৰ পদক্ষেপে এই সংক্রমণ নিয়ন্ত্ৰণ কৰাত বিশেষ অৰিহণা যোগাব বুলি এইডছ নিয়ন্ত্রণ সমিতিৰ বিষয়াই সদৰী কৰি কয় যে ২০২১ ৩১ অক্টোবৰলৈ ৰাজ্যত ২০,৮৪১টা এইছ আই ভি পজিটিভ কেছ ধৰা পৰিছে।

ইয়াৰে ১৯,০৩০ জন সাধাৰণ নাগৰিক আৰু ১,৮১১ গৰাকী গৰ্ভৱতী মহিলা বুলি সমিতিয়ে তথ্য সদৰী কৰি পুনৰ কয় যে ২০২১-২০২২ বৰ্ষৰ অক্টোবৰ পৰ্যন্ত ৰাজ্যত ১,২৮৭টা এইডছৰ ঘটনা পোহৰলৈ আহিছে।

সমগ্ৰ ৰাজ্যৰ মুঠ ঘটনাৰ ৩৩ শতাংশই কামৰূপ মহানগৰ জিলাৰ আৰু ২৩ শতাংশ সংক্ৰমণৰ হাৰেৰে কাছাৰ দ্বিতীয় স্থানত আছে বুলি তথ্যত প্ৰকাশ পাইছে। তথ্য অনুসৰি, ২০২১ৰ ৩১ অক্টোবৰ পর্যন্ত কামৰূপ মহানগৰত ৬,৯৪৪টা এইছ আই ভি পজিটিভ কেছ ধৰা পৰাৰ লগতে কাছাৰ জিলাত ৪,৭৮৬টা, ডিব্ৰুগড়ত ১,২৭৪টা, নগাঁৱত ৯৪৬টা, কৰিমগঞ্জত ৭৩৩টা, যোৰহাটত ৬৬৮টা, গোলাঘাটত ৫৪১টা, শোণিতপুৰত ৪৬২টা, বৰপেটাত ৪৫১টা, বঙাইগাঁৱত ৪১১টা, কামৰূপ গ্ৰাম্যত ৩৫৮টা, কাৰ্বি আংলঙত ৩৫১টা, হোজাইত ৩২৪টা, কোকৰাঝাৰত ৩০১টা, ধুবুৰীত ২৮৮টা, তিনিচুকীয়াত ২৬৩টা, মৰিগাঁৱত ২৪০টা, শিৱসাগৰত ২০৯টা, গোৱালপাৰাত ১৭৬টা, নলবাৰীত ১৭৪টা, ডিমা হাছাওত ১৫৩টা, দৰঙত ১৫১টা, লখিমপুৰত ১৪১টা, ধেমাজি আৰু হাইলাকান্দিত ১১৫টাকৈ এইছ আই ভি পজিটিভ কেছ ধৰা পৰিছে।

ইয়াৰ উপৰি বিশ্বনাথত ১৩টা, বাগ্‌সাত ৬৫টা, ওদালগুৰিত ৫৯টা, চিৰাঙত ৪৩টা, মাজুলীত পাঁচটা আৰু চৰাইদেউত এইছ আই ভিৰ এটা পজিটিভ কেছু আছে।

উল্লেখ্য যে অসম উত্তৰ-পূৰ্বৰ ৰাজ্যসমূহৰ মূল প্ৰৱেশ পথ হোৱাৰ বাবেই এইছ আই ভি সংক্ৰমণৰ অত্যধিক সংবেদনশীল ৰাজ্য হিচাপে চিহ্নিত হৈ আহিছে বুলি সমিতিয়ে সদৰী কৰি বিশেষকৈ যৌন সম্পর্ক আৰু ড্ৰাগছ ইনজেকচনৰ বাবেই উত্তৰ-পূবত এইছ আই ভি সংক্ৰমণৰ তথ্য পোৱা গৈছে বুলি কয়৷

সমান্তৰালভাৱে মহামাৰী এইড্‌ছ ভয়াবহতাৰ বিৰুদ্ধে যুঁজ দিয়া তথা ইয়াক নিয়ন্ত্রণ কৰাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ’ল সজাগতা সৃষ্টি আৰু এই উদ্দেশ্যেই পহিলা ডিচেম্বৰত সংশ্লিষ্ট সংস্থাসমূহৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সজাগতাৰ লক্ষ্যৰে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

এই কাৰ্যসূচীসমূহৰ জৰিয়তে জনতাক সংশ্লিষ্ট সংস্থাসমূহে অসুৰক্ষিত যৌন সম্পর্ক বৰ্জন কৰা, সদায় চৰকাৰী অনুজ্ঞাপত্ৰযুক্ত ব্লাড বেংকৰ পৰা ৰক্ত সংগ্ৰহ কৰা, এইডছ ৰোগৰ বিষয়ে জ্ঞান অৰ্জন কৰা আদিৰ দিশত গুৰুত্ব প্ৰদান কৰি এইডছ নিয়ন্ত্ৰণ যুঁজখনত ব্ৰতী হ’বলৈ আহ্বান জনাই আহিছে।

Exit mobile version