Pakistan Blast : আৰক্ষীৰ গাড়ীত আত্মঘাতী বিস্ফোৰণ, আৰক্ষীসহ নিহত দুই, আহত ২৪

q9cjz5ry68391jdq 1669799281

Pakistan Blast :

আৰক্ষীৰ গাড়ীক লক্ষ্য কৰি কৰা এক আত্মঘাতি বিস্ফোৰণত নিহত এগৰাকী শিশু আৰু এজন আৰক্ষী ।

আহত হৈছে ২০ জন আৰক্ষীসহ ২৪ জন লোক । ঘটনাটো বুধবাৰে পাকিস্তানৰ কোৱেটা প্ৰদেশৰ বালেলি অঞ্চলত সংঘটিত হৈছে ।

পাকিস্তানী এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীৰ এখন ট্ৰাক ৰাস্তাৰ মাজেৰে পাৰ হৈ গৈ আছিল। হঠাতে এটা প্ৰচণ্ড বিস্ফোৰণ হ’ল। আৰু সেই বিস্ফোৰণত, আৰক্ষীৰ গাড়ীখন কে’বাবাৰো পাল্টি খাই খাৱৈত পৰে ।

আৰক্ষীয়ে প্ৰথমতে অনুমান কৰে যে বিস্ফোৰণটোত ২৫ কেজি বিস্ফোৰক ব্যৱহাৰ কৰা হৈছে।

কোৱেটাৰ ডিআইজি গোলাম আজফাৰ মহেশৰে সংবাদ মাধ্যমক জনাই যে এইটো এটা আত্মঘাতি আক্ৰমণ আছিল।

আক্ৰমণকাৰীজনৰ মৃতদেহও ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে । বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে গাড়ীখন বাগৰি খাৱৈত পৰে ।

খবৰটো পোৱাৰ পাছতে, ঘটনাস্থলীলৈ আহি উপস্থিত হয় উদ্ধাৰকাৰী দল, বোমা স্কোয়াড । আহতসকল উদ্ধাৰ কৰি স্হানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে জনাই যে তেওঁলোকে বিস্ফোৰণত নিহত শিশুটোৰ পৰিচয় জানিবলৈ চেষ্টা কৰি আছে।

‘ ডন ‘ এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি , এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে নিষিদ্ধ সংগঠন তেহৰিক-ই-তালিবান পাকিস্তানে (টিটিপি)

Exit mobile version