Shraddha Walkar Murder Case : আফতাবে মোৰ বহুত যত্ন লৈছিল,’ জনালে শ্ৰদ্ধা হত্যাৰ পাছৰ প্ৰেমিকাই

1668577633 shraddha aftab

Shraddha Walkar Murder Case :

শ্ৰদ্ধা ৱালকাৰৰ হত্যাৰ পাছত ,আন মহিলাৰ স’তে সম্পৰ্কত আছিল শ্ৰদ্ধাৰ হত্যাৰ অভিযুক্ত আফতাব । হত্যাৰ পাছত, শ্ৰদ্ধাৰ হাতৰ আঙুঠিটো খুলি নতুন প্ৰেমিকাক দিলে আফতাবে ।

শ্ৰদ্ধাৰ হত্যাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে আফতাবৰ প্ৰেমিকাক মাতি পঠিয়াই। জেৰাৰ সময়ত পোহৰলৈ আহিছে অধিক নতুন তথ্য।

আফতাবৰ নতুন প্ৰেমিকাই দিল্লী আৰক্ষীক জনাই যে আফবক দেখি কেতিয়াও ভাবিব নোৱাৰি যে সি কাৰোবাক হত্যা কৰিব পাৰে ।

তেওঁ কয়, “তেওঁ মোৰ যথেষ্ট যত্ন লৈছিল। আফতাব শান্ত আছিল। তেওঁৰ স’তে আফতাবৰ কথোপকথন এটা ডেটিং প্লেটফৰ্মৰ জৰিয়তে হৈছিল। অক্টোবৰ মাহত তেওঁ ছত্ৰপুৰত থকা ফ্লেটত দুবাৰ আফতাবক লগ কৰিব গৈছিল। কিন্তু ফ্লেটটোৰ ভিতৰত একো অস্বাভাৱিক যেন লগা নাছিল ।

আফতাবে কেতিয়াবা তেওঁৰ মুম্বাইৰ ঘৰৰ বিষয়ে কৈছিল । আফতাবে বিভিন্ন ৰেষ্টুৰেণ্টৰ পৰা নিৰামিষ খাদ্য অৰ্ডাৰ কৰিছিল। আফতাবৰ প্ৰেমিকাৰ মতে, আঙঠিৰ উপৰিও, আফতাবে তেওঁক দামী সুগন্ধি উপহাৰ দিছে বুলিও আফতাবৰ নতুন বান্ধৱীয়ে কয় ।

তেঁওৰ ধূমপান কৰাৰ অভ্যাস আছিল। বহুসময়ত তেওঁ প্ৰেমিকাক আসক্তি ত্যাগ কৰাৰ কথাও কৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, আফতাবৰ প্ৰেমিকা পেছাত এগৰাকী মনোবিজ্ঞানী। যেতিয়া শ্ৰদ্ধাৰ হত্যাৰ কথা পোহৰলৈ আহিছিল, তেওঁ মানসিকভাৱে ভাগি পৰিছিল।

তেওঁ আৰক্ষীক এইটোও জনাই যে তেওঁ বৰ্তমান পৰামৰ্শ গ্ৰহণ কৰি আছে। দিল্লী আৰক্ষীয়ে আফতাবৰ সকলো সামাজিক মাধ্যম একাউণ্টৰ পৰা খাদ্য বিতৰণ এপৰলৈকে সকলো বিৱৰণ পৰীক্ষা কৰি আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আফতাবে মাজে মাজে জোমাটো খাদ্য বিতৰণ এপৰ পৰা তেওঁলোক দুয়োৰে বাবে খাদ্য অৰ্ডাৰ কৰিছিল। কিন্তু মে মাহৰ পাছত, খাদ্যৰ অৰ্ডাৰৰ পৰিমাণ হ্ৰাস পায়।

এই যুৱতীগৰাকীৰ স’তে সম্পৰ্কত আফতাব একমাত্ৰ নাছিল। দিল্লী আৰক্ষীয়ে দাবী কৰিছিল যে শ্ৰদ্ধাক হত্যা কৰাৰ পাছত তেওঁ আন ১৫ ৰ পৰা ২০ গৰাকী মহিলাৰ স”তে সম্পৰ্কত আছিল।

Exit mobile version