Anand Operations : সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হ’ল ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ

তিনিঘণ্টা জুৰি চলিছিল অস্ত্ৰোপচাৰ

943e74cc 7b5f 4300 bbc3 0d01ae3284d2 1

Anand Operations :

সকলো উৎকণ্ঠাৰ অন্তত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। আদিত্য নাৰ্ছিং হোমত সম্পন্ন হোৱা আনন্দৰ অস্ত্ৰোপচাৰ সফলতাৰৰে সম্পন্ন কৰে চিকিৎসালয় খনৰ বিশেষজ্ঞ চিকিৎসক ডা:পান্নালালৰ নেতৃত্বৰ এটা চিকিৎসকৰ দলে ৷

শ্বাহ -প্ৰশ্বাস অসুবিধা নহ’বৰ বাবে বহুৱা হৈছিল পেচমেকাৰ ৷ উল্লেখ্য যে দিল্লীৰ এইমছলৈ স্থানান্তৰ কৰাত সমস্যাৰ সৃষ্টি হোৱাৰ বাবে ডিব্ৰুগড়ৰ আদিত্য নাছিং হোমতে আনন্দৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আনন্দৰ ৰাজহাড় ভাঙি যোৱাৰ লগতে গুৰুতৰভাৱে আঘাত পাইছে শৰীৰৰ বহু অংশতো।আদিত্য আশু আৰোগ্য কামনাৰে আজি ঢেকীয়াখোৱা নামঘৰ সহ উজনি বহু কেইটা নামঘৰত শৰাই আগবঢ়াই নামপ্ৰসংগ কৰা হয় ৷

আনহাতে আদিত্য শৰ্মাৰ ৰেগিং কাণ্ডৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত ডিব্ৰুগড় বিশ্বিবদ্যালয়ৰ ৫ জনকৈ ৱাৰ্ডেনক জেৰা চলালে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক এছ মিশ্ৰই।

বিশ্ববিদ্যালয়ৰ গেষ্ট হাউছত চীফ ৱাৰ্ডেন ড: কল্যাণ ভূঞা, ডেপুটী চীফ ৱাৰ্ডেন ডেভিদ কাৰ্দং আৰু পদ্মনাথ গোহাঞিবৰুৱা হোষ্টেলৰ ৩ ৱাৰ্ডেনক মাৰাথান জেৰা চলালে আৰক্ষী অধীক্ষকে ।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা গঠন কৰা এন্টি ৰেগিং তদন্ত কমিটীৰ সন্মুখত আজি হাজিৰ হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰা। জাননী দিয়াৰ পিছতো বুধবাৰে হাজিৰ হোৱা নাছিল উজ্জ্বল অংকুৰ বৰা।

আজি আন এঘাৰজনৰ ভিতৰত পাঁচজনে হাজিৰ হোৱাৰ বিপৰীতে আন এজনে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে নিজৰ মতামত ব্যক্ত কৰে কমিটিৰ সন্মুখত ৷

স্মতৰ্ৱ্য যে আজি ১১ বজাৰ ভিতৰত উপস্থিত নোহোৱা ছাত্ৰ কেইজনৰ ওপৰত তদন্ত কমিটীয়ে কঠোৰ সিদ্ধান্ত লোৱাৰ ইংগিত দিয়ে৷

Exit mobile version