Anti-Ragging Committee : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ আন এজন অভিযুক্ত দিব্যজ্যোতি গগৈৰ আত্মসমৰ্পণ

3baf4f75 8d4c 4fb2 8dc8 7cbff8579735

Anti-Ragging Committee :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মুল অভিযুক্ত ৰাহুল চেত্ৰীৰ পলায়ন পিছত আন চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ মাজতে আন এজন অভিযুক্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷
আত্মসমৰ্পণৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাত্ৰজন হ’ল দিব্যজ্যোতি গগৈ।

ইফালে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে গঠন কৰি দিয়া এণ্টি ৰেগিং কমিটীৰ বৈঠক আজি আৰম্ভ হৈছে। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত অনুষ্ঠিত এণ্টি ৰেগিং কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰিছে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: পৰমানন্দ সোনোৱােলে ।

উল্লেখ্য ৰেগিং কাণ্ডৰ স’তে নাম সাঙোৰ খোৱা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰালৈ এণ্টি ৰেগিং কমিটীয়ে কমিটিৰ সন্মুখত উপস্থিত থকাৰ বাবে জাননী জাৰী কৰাৰ পিছত আজি উপস্থিত থাকিব লাগিব সাধাৰণ সম্পাদকজন৷ একেদৰে আন এঘাৰজন ছাত্ৰও উপস্থিত থাকিব লাগিব এণ্টি ৰেগিং কমিটীৰ বৈঠকত ৷

Exit mobile version