Bizarre : কিশোৰীৰ পাকস্থলীত তিনি কেজি চুলি ! ‘পিকা’ ৰোগত আক্রান্ত, জনালে চিকিৎসকে ! কি এই ৰোগ ?

BEWARE OF THESE 6 DISEASES THAT CAUSE HAIR FALL04 37 23

Bizarre :

চীনৰ এগৰাকী কিশোৰীৰ কীর্তিয়ে নেটিজেনসকলৰ টোপনি কাঢ়িছে । খাই থাকোতে যদি ভুলবশত চুলি পেটত গুচি যায় তেতিয়াই অস্বস্তিৰ শেষ নাথাকে ! কিশোৰীৰ পেটৰ পৰা পোৱা গৈছে তিনি কেজি চুল !

শুনিবলৈ আচৰিত যেন লাগিলেও ঘটনাটো সত্য । তেওঁৰ পেটত চুলি জমা হৈ হৈ এনে অৱস্থা হয় যে, কোনো খাদ্যই খাব পৰা নাছিল । নিজেই নিজৰ চুলি ছিঙি ছিঙি মূৰ টকলা পৰি যায় তেওঁৰ ।

একো খাব পৰা নাছিল তাই, সেয়ে তাইক হাস্পাতালত ভর্তি কৰা হয় । চিকিৎসকসকলে অস্ত্রোপচাথ কথি তাইৰ পেটৰ পৰা চুলিৰ মুঠি ওলিয়াই আনে, যাৰ ওজন আছিল এটা ইটাৰ সমান ।

দুঘণ্টা ধৰি চলে অস্ত্রোপচাৰ । ছাউথ মর্নিং প’ষ্টৰ এক প্রতিবেদন অনুযায়ী কিশোৰীগৰাকী ‘পিকা’ নামক ৰোগচ আক্রান্ত । এই ৰোগত আক্রান্ত ৰোগীসকলে এনে খাদ্য খায়, যিবোৰ খোৱাৰ যোগ্য নহয়‌ ।

এই ক্ষেত্রত ৰোগীয়ে ঘাঁহ, মাটি, আৱর্জনা, ছাই ইত্যাদি দেখিলেই নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই, সেইবোৰ খাই পেলায় ।

কিশোৰীগৰাকী তাইৰ ককা-আইতাৰ স’তে থাকে, তাইৰ পিতৃ-মাতৃ কাৰ্ম সূত্রে বাহিৰত থাকে । কিশোৰীগৰাকীৰ ককাক-আইতাকে বুজিব নোৱাৰে যে, তেওঁলোকৰ নাতিনী এনে ৰগতো আক্ৰান্ত হ’ব পাৰে ।

চিকিৎসকসকলৰ মতে, ‘‘কিশোৰীগৰাকী আমাৰ ওচৰত আহে, কাৰণ তাই খাব পৰা নাছিল । নানা পৰীক্ষাৰ পাছত ধৰা পৰে, তাইৰ পেটত ইমান পৰিমাণে চুলি জমা হৈ আছে যে খাদ্য যোৱাৰ বিন্দুমাত্র ঠাই নাই ।

সম্পূৰ্ণ পাকস্থলী চুলিৰে ভৰি আছে । কিশোৰীগৰাকী ককা-আইতাৰ লগত থাকে । তেওঁলোক কিশোৰীগৰাকীৰ এই মানসিক ৰোগৰ বিষয়ত অৱগত নাছিল । এই সমস্যা কিছু দিনৰ নহয়, দীর্ঘ দিন ধৰি কিশোৰীগৰাকী এই মানসিক সমস্যাত ভুগি আছিল‌ । পিতৃ-মাতৃ তাইৰ প্রতি আৰু অলপ যত্নশীল হ’লে বোধ হয় এনে পৰিস্থিতি নহ’ল হয় ।’’

Exit mobile version