Foreigner assaulted in Mumbai : ৰাস্তাত বিদেশীৰ গালত চুমা খোৱাৰ চেষ্টা : মুম্বাইত গ্ৰেপ্তাৰ দুই যুৱক

1669872636 mumbai

Foreigner assaulted in Mumbai :

কোৰিয়াৰ পৰা ভাৰত ভ্ৰমণলৈ অহা এগৰাকী মহিলা ইউটিউবাৰক হাৰাশাস্তি কৰাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো মহাৰাষ্ট্ৰৰ মুম্বাইত সংঘটিত হৈছিল।

মুম্বাইৰ এটা ব্যস্ত ৰাস্তাত ইউটিউবাৰ যুৱতীগৰাকীৰ হাতত ধৰি টানি নিয়াৰ অভিযোগ উত্থাপিত হৈছে দুজন যুৱকৰ বিৰুদ্ধে । লগতে বিদেশী যুৱতীগৰাকীৰ গালত চুমা খোৱাৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপিত হৈছে ধৃত দুই অভিযুক্তৰ বিৰুদ্ধে ।

মহিলাগৰাকীক হাৰাশাস্তি কৰাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো পোহৰলৈ অহাৰ পাছত, আৰক্ষীয়ে অভিযুক্ত দুজনক বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰে।

ভিডিঅ’টোত, দেখা গৈছে কোৰিয়াৰ মহিলাগৰাকীয়ে ইউটিউবৰ নিজৰ ভিডিঅ’ শ্বুটিং কৰি আছে । হঠাতে দুজন স্থানীয় যুৱকে কেমেৰাৰ সন্মুখত মুখ উলিয়াবলৈ ধৰিলে। তেওঁলোকৰ এজনে মহিলাগৰাকীৰ হাতত ধৰি তেওঁক স্কুটাৰত বহিবলৈ জোৰ দিবলৈ আৰম্ভ কৰে ।

ভঙা ভঙা ইংৰাজীত প্ৰতিবাদ কৰি মহিলাগৰাকীয়ে হাত দুখন এৰুৱাই পিছুৱাই আহে । বাধাৰ দিয়াৰ পাছত পুনৰ আহি মহিলাগৰাকীৰ গালত চুমা খাবলৈ চেষ্টা কৰা দেখা যায় অভিযুক্তক ।

ইয়াৰ পাছতে মহিলাগৰাকী খোজ কাঢ়ি আগবাঢ়ি যায় আৰু দুই অভিযুক্তই স্কুটাৰত তেওঁক অনুসৰণ কৰে ।

তেওঁলোকে মহিলাগৰাকীক গাড়ীত উঠাই ঘৰলৈ লৈ যাবলৈ জোৰ কৰিছিল। অৱশ্যে, যেতিয়া মহিলাগৰাকীয়ে আপত্তি কৰিছিল, তেওঁলোকে স্কুটাৰখন লৈ পলাই যায় । সমগ্ৰ ঘটনাটো ভিডিঅ’টোত দেখা পোৱা গৈছে ।

ঘৰলৈ উভতি অহাৰ পাছত মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাটোৰ এটা ভিডিঅ’ টুইটাৰত আপলোড কৰি লিখিছিল, “যোৱা নিশা ভিডিঅ’টোৰ দৃশ্যগ্ৰহণৰ সময়ত এজন ব্যক্তিয়ে মোক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ লগত এজন বন্ধুও আছিল।যেতিয়া মই বেছি কথা নোকোৱাকৈ গুচি যাবলৈ যথাসাধ্য চেষ্টা কৰিছিলো, তেওঁলোকে মোক আমনি কৰি আছিল। মোৰ ইয়ালৈ অহাৰ এটা তিক্ত অভিজ্ঞতা হৈছে । ”

ইউটিউবাৰগৰাকীৰ ভিডিঅ’টো নেটত ভাইৰেল হোৱাৰ লগে লগে আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ পাছত, আৰক্ষীয়ে তদন্তত অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে।

অভিযুক্তজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ এটা গোচৰ ৰুজু কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে জনাই ।

Exit mobile version