Gujarat Assembly Elections: মূল্যবৃদ্ধিৰ প্ৰতিবাদ , চাইকেলত গেছ চিলিণ্ডাৰ বান্ধি ভোটকেন্দ্ৰত কংগ্ৰেছৰ বিধায়ক

1669870005 gas cylinder

Gujarat Assembly Elections :

ভোটগ্ৰহণৰ সময়ত এক অভিনব কায়দাৰে ভোটৰ প্ৰচাৰ ? বৃহস্পতিবাৰে পুৱা গুজৰাটত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত আমৰেলী সমষ্টিৰ বিদায়ী বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী পৰেশ ধাননীয়ে চাইকেলৰ পিছফালে গেছ চিলিণ্ডাৰ বান্ধি ভোট দিবলৈ অহা দেখিবলৈ পোৱা গ’ল।

নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত সমগ্ৰ দেশতে পেট্ৰ’লিয়াম সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

গুজৰাট বিধানসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা পৰেশে ভোটদানৰ পাছত কয়, “বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ বিফলতাৰ বাবে গুজৰাটত মূল্যবৃদ্ধি আৰু নিবনুৱা বৃদ্ধি হৈছে।” গেছ আৰু ইন্ধনৰ মূল্য আকাশচুম্বী হৈছে। শিক্ষাৰ ব্যক্তিগতকৰণ কৰা হৈছে। এইবাৰ ক্ষমতা সলনি হ’ব। কংগ্ৰেছ আহিব। ”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যখনৰ ১৮২ খন বিধানসভা আসনত বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ত কচ্ছ-সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাটৰ ১৯ খন জিলাত ৮৯ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে ।

নিৰ্বাচনী আচৰণ বিধি অনুসৰি, এই সমষ্টিসমূহত মঙলবাৰে সন্ধিয়া পাঁচ বজাত প্ৰচাৰ সমাপ্ত হয়। এনে পৰিস্থিতিত, বৃহস্পতিবাৰে পুৱা পৰেশৰ অভিনৱ পদক্ষেপ হৈছে আয়োগৰ নিৰ্দেশনা পৰিহাৰ কৰি ভোটাৰসকলৰ ওচৰলৈ যোৱা।

Exit mobile version