Gujarat Polls : গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি

ইভিএমত বন্দী হ’ব ৭৮৮জন প্ৰাৰ্থীৰ ভাগ্য

213710 gujaratvotingpti

Gujarat Polls :

সকলো উৎকণ্ঠাৰ অন্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহত আৰম্ভ হৈছে৷

ইভিএমত বন্দী হ’ব ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয়৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৫ বজাত অন্ত পৰিব ৷

মুঠ ১৪,৩৮২টা কেন্দ্ৰত অব্যাহত আছে ভোটগ্ৰহণ। ৪ কোটি ৯১ হাজাৰ ভোটাৰৰ ভিতৰত প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিব ২ কোটি ৩৯ লাখ ভোটাৰে।

উল্লেখ্য যে ৰাজ্য বিধানসভাৰ ১৮২খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত সৌৰাষ্ট্ৰ, কচ্ছ, আৰু গুজৰাটৰ দক্ষিণাঞ্চল জিলাৰ ৮৯খন আসনৰ বাবে আজি আৰম্ভ হৈছে ভোটগ্ৰহণ।

মনকৰিবলগীয়া যে দুটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ আজি ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল আৰু কে’বাগৰাকী মন্ত্ৰী সহ জ্যেষ্ঠ বিধায়ক ৷

স্মতৰ্ৱ্য যে গুজৰাট বিধানসভা নিৰ্বাচনত এইবাৰ শাসনাধিষ্ঠ বিজেপি দলক প্ৰত্যাহ্বান জনাইছে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টী আৰু বিৰোধী দল কংগ্ৰেছ ৷

ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিতে আপে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কেইবাজনো মন্ত্ৰী আৰু জ্যেষ্ঠ নেতাক ৷ নিৰ্বাচনত যুঁজ হ’ব ত্ৰিকোণীয় ।

আনহাতে আপৰ উদ্থানক কটাক্ষ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় আপে গুজৰাট নিৰ্বাচনত শোচনীয় পৰাজয়ৰ মুখ দেখি পৰৱৰ্তী সময়ত আৰু কেতিয়াও গুজৰাটলৈ ঢাপলি নেমেলিব৷ শেহতীয়া খবৰ অনুসৰি দুপৰীয়া এক বজালৈ ৰাজ্য খনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ প্ৰায় ৩৫ শতাংশ৷

Exit mobile version