Polygamy : একেলগে ন গৰাকী যুৱতীক বিয়া কৰিলে এইজন যুৱকে : ৰুটিন অনুযায়ী সংগ দিয়ে পত্নীক—

39dd4e195f34eb58

Polygamy :

ব্ৰাজিলৰ মডেল আৰ্থাৰ ও উৰচো । প্ৰথমবাৰৰ বাবে ২০২১ চনত আন্ত:জাৰ্তিক খবৰৰ শিৰোনাম দখল কৰিছিল এই মডেল যুৱকজনে । আৰ্থাৰে একেলগে ন গৰাকীকৈ যুৱতীক বিয়া কৰাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।

উল্লেখ্য যে , ব্ৰাজিলৰ এটা চাৰ্চত আৰ্থাৰে এই বিবাহ কাৰ্য সম্পন্ন কৰিছিল । নিজৰ এই বহুগামী সম্পৰ্কক মহা ধুমধামেৰে উদযাপন কৰি আৰ্থাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছিল ।

ন গৰাকী পত্নীক লৈ সংসাৰ কৰা আৰ্থাৰক অৱশ্যে পৰৱৰ্তী সময়ত এগৰাকী পত্নীয়ে এৰি থৈ যায় । আতৰি যোৱা পত্নীগৰাকীয়ে প্ৰথমে এই বহুগামী বিবাহত সন্মতি প্ৰদান কৰিছিল যদিও পিছত এই সম্পৰ্কক লৈ মোহভংগ হয় আৰু আৰ্থাৰক এৰি দিয়াটোকে ঠিৰাং কৰে ।

ইয়াৰ পিছত আৰ্থাৰে আঠ গৰাকী পত্নীলৈ এই বৃহৎ সংসাৰখন আগবঢ়াই নিছিল । এই বৃহৎ পৰিয়ালটো ৰাখিবৰ কাৰণে আৰ্থাৰে ব্ৰাজিলৰ জোঁ পেচ’ৰা চহৰত এটা প্ৰাসাদোপম অট্টালিকা সাজি উলিয়াইছে । এই ৩৬ বছৰীয়া আৰ্থাৰে আঠ গৰাকী স্ত্ৰীক লৈ সুখৰ সংসাৰ কৰি আছিল যদিও বৰ্তমান এই বৃহৎ সংসাৰখনলৈ যেন অশান্তিৰ ছায়া নামি আহিছে ।

খবৰ অনুসৰি , সম্প্ৰতি এই আঠ পত্নীৰ মাজৰে চাৰি গৰাকী পত্নীয়ে আৰ্থৰৰ লগত বিবাহ বিচ্ছেদ কৰিছে । উভয়পক্ষৰ মাজত বহুগামী সম্পৰ্ক , দৈনন্দিন দিনযাপন সংক্ৰান্তৰ না-না বিষয়ৰ মতবিৰোধ হোৱাৰ বাবেই তেওঁলোকে এই সম্পৰ্কৰ পৰা মুক্তি বিচাৰে । অৱশ্যে উভয়পক্ষৰ সন্মতি সাপেক্ষে এই বিবাহ বিচ্ছেদ সম্পন্ন হয় ।

এই বিষয়ত আৰ্থাৰে কয় যে , এই মূহুৰ্তত তেওঁৰ পত্নী মাত্ৰ চাৰিজনী । তেওঁৰ লগতে এই চাৰি পত্নী বৰ্তমান ব্ৰাজিলৰ সেই বিশাল ঘৰখনত বাস কৰিছে ।

এই বিষয় লৈ বহুবাৰ সাংবাদিকে সাক্ষাৎকাৰ লৈছিল আৰ্থাৰৰ । তেওঁৰ বহুগামী জীৱনক লৈ সকলোৰে থকা কৌতুহলৰ বাবে আৰ্থাৰে কৈছিল যে , একাধিক পত্নীৰ লগত এনেকৈ জীৱন নিৰ্বাহ কৰাটো সকলোৰে লগত মিলি থকাটো ইমানো কঠিন নহয়।

কিন্তু আৰ্থাৰৰ চাৰি পত্নীৰ লগত কিয় বিচ্ছেদ হ’ল ? এই প্ৰশ্নৰ উত্তৰ দি তেওঁ কৈছিল যে ,প্ৰথম অৱস্থাত এই বহুগামী বৈবাহিক সম্পৰ্ক স্থাপন কৰোতে না-না কথা শুনিবলগীয়া হৈছিল ।

তেওঁৰ পত্নীসকলক সকলোৱে ঠাট্টা কৰিছিল আৰু যেতিয়া এই কথাবোৰ শুনো মনটো অত্যন্ত বেয়া হৈ গৈছিল । সমাজৰ এনে সমালোচনাৰ মাজত নিজৰ জীৱনটোত জীয়াই থকাটো যথেষ্ট সন্দিহান হৈ উঠিছিল ।

তেনে সময়ত তেওঁ পত্নীসকলৰ লগত সকলো কথা আলোচনা কৰি এই সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াইছিল । এনেদৰে আলোচনাৰ মাধ্যমেৰে তেওঁ চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

আৰ্থাৰে আৰু কৈছিল ,’’ আমাৰ মাজত কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল । শান্তিৰে আমি এই সম্পৰ্কৰ অৱসান কৰিছিলো । প্ৰত্যেকে প্ৰত্যেকৰ লগত অনুভূতিৰ ভাগ-বতৰা কৰিছিলো । মুক্ত ভালপোৱাৰ ক্ষেত্ৰত সিদ্ধান্তবোৰ এনেদৰেই হোৱা উচিত।‘’

চাৰি পত্নীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুনৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিবলৈ আৰ্থাৰে বিচাৰিছিলেনে ? আচলতে আৰ্থাৰে বহুবাৰ এই প্ৰশ্নৰ সন্মুখীন হৈ আহিছিল । প্ৰতিবাৰে অৱশ্যে একেটাই উত্তৰ আছিল যে , তেওঁ কেতিয়াও এগৰাকী পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰে ।

তেওঁক একাধিক সংগীৰ প্ৰয়োজন । এনে সময়ত আৰ্থাৰে নিশ্চয়কৈ নতুন সংগীৰ অনুসন্ধান কৰিছিল । কিন্তু পুনৰ বিয়া কৰাবলৈ তেওঁ প্ৰস্তুত হয় নে নহয় , সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নাছিল এই ব্ৰাজিলিয়ান মডেলজনে । কিন্তু বিবাহ নকৰালেও আৰ্থাৰৰ সংগীৰ যে প্ৰয়োজন সেইকথা তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল ।

কেৱল বহুগামী সম্পৰ্কৰ বাবেই নহয় , সংগী বিচৰাৰ অন্য এটা কাৰণো আছিল তেওঁৰ । আৰ্থাৰে কৈছিল ,তেওঁৰ বিশাল ঘৰটো সকলো সময়তে পৰিপূৰ্ণ হৈ থকটো তেওঁ বিচাৰে । যিহেতু এই বিশাল ঘৰটোত এটা এটা কোঠাত বৃহৎ আকাৰৰ বিছনা আছে । বিবাহ বিচ্ছেদৰ পিছত এই সকলো বিছনা খালী হৈ পৰিল ।

Exit mobile version