Samaguri Tiger Attacked : নগাঁৱৰ চামগুৰিত অঘটন,

খৰি কাটিবলৈ গৈ বাঘৰ আক্ৰমণৰ সন্মুখীন খৰিকটীয়া

WhatsApp Image 2022 12 01 at 20.42.01 1

Samaguri Tiger Attacked :
জংঘলত খৰি কাটিবলৈ গৈ বাঘৰ আক্ৰমণৰ সন্মুখীন হ’ল নগাঁৱৰ চামগুৰিৰ এজন লোক ৷ চামগুৰিৰ বৰদল মিকিৰ গাঁৱৰ নৰসিং ওৰাং নামৰ লোকজনে আজি দুপৰীয়া খৰি কাটিবলৈ যাওঁতেই বাঘৰ আক্ৰমণৰ সন্মুখীন হয় ৷

বাঘৰ আক্ৰমণত আঘাত পোৱা ওৰাংৰ মৰণকাতৰ চিঞৰ শুনি স্থানীয় লোক সমবেত হোৱাত কথমপি ৰক্ষা পৰে খৰিকটীয়াজনৰ ৷ পিছত তেজেৰে তুমৰলি হোৱা ওৰাংক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷

আনহাতে বাঘৰ উপস্থিতিয়ে আতংক সৃষ্টি কৰিছে মিকিৰগাঁৱত ৷ ইতিমধ্যে ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে ৷

Exit mobile version