Air pollution : বায়ুদূষণ হ্ৰাস কৰিবলৈ কঠোৰ পদক্ষেপ

এক জানুৱাৰীৰ পৰা তিনি ৰাজ্যত কেৱল চিএনজি আৰু ই-অট'ক অনুমোদন

WhatsApp Image 2022 12 02 at 18.38.29

Air pollution :

দিল্লী আৰু তাৰ আশ-পাশৰ অঞ্চলত বায়ুদূষণ হ্ৰাস কৰিবলৈ কঠোৰ পদক্ষেপ ল’লে কেন্দ্রীয় চৰকাৰে । আগন্তুক বছৰৰ প্রথম দিনৰ পৰা উত্তৰ প্রদেশ, হাৰিয়ানা আৰু ৰাজস্থানত কেৱল মাত্র চিএনজি আৰু বিদ্যুৎচালিত অট’ নথিভুক্ত (ৰেজিষ্ট্ৰেছন) কৰা হ’ব ।

লগতে, প্ৰদূষণৰ পৰীক্ষাত উত্তোৰণৰ বৈধ প্ৰমাণপত্র অবিহনে এক জানুৱাৰীৰ পৰা কোনো গাড়ীক ইন্ধন বিক্রী কৰিব নোৱাৰিব পেট্র’ল পাম্পবোৰে ।

বুধবাৰে হাৰিয়ানাসহ তিনি ৰাজ্যক এই নির্দেশ দিছে বাতাহৰ মান নির্ণায়ক কেন্দ্রীয় কমিছনে (চিএকিউএম) ।

চিএকিউএম-এ জনাইছে, ২০২৭ৰ এক জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)-ত যাতে কেৱল মাত্র চিএনজি আৰু বিদ্যুৎচালিত অট’ (ই-অট’) চলাচল কৰে, সেই লক্ষ্যৰেই আগবাঢ়িছে তেওঁলোক । সেয়ে ডিজেলচালিত পুৰণি অট’সমূহক ২০২৬ৰ ভিতৰত লাহে লাহে বন্ধ কৰি দিয়া হ’ব ।

প্রসংগত, হাৰিয়ানাৰ ১৪টা, উত্তৰ প্রদেশৰ আঠটা আৰু ৰাজস্থানৰ দুটা জিলা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)-ত অন্তর্ভুক্ত

Exit mobile version