Chief Minister :ৰেগিংকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতি

প্ৰাক্তন ছাত্ৰ-ছাত্ৰী থাকিব নোৱাৰিব মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত

WhatsApp Image 2022 11 22 at 19.59.03

Chief Minister:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিংকাণ্ডই সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰে ৷

ঘটনাৰ স’তে জড়িতসকলক আটক কৰিবলৈ মুখ্যমন্ত্ৰীড:হিমন্ত বিশ্ব শৰ্মাই তৎপৰতা প্ৰদৰ্শনৰ সমান্তৰালভাৱে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী থাকিব দিয়া নহ’ব বুলি ঘোষণা কৰে ৷

এই সন্দৰ্ভত ব গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ৰেগিঙক লৈ সদ্যহতে চৰকাৰে কোনো নতুন আইন প্ৰনয়ণ নকৰে কিন্ত চৰকাৰে অতি গুৰুত্বপূৰ্ণ কেইটামান কাম কৰাৰ বাবে প্ৰয়োজন অনুভৱ কৰিছে ।

সেই অনুসৰি বিশ্ববিদ্যালয়সমূহৰ চৌহদৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক বিদায় দিব লাগিব ৷ ৰাজ্য চৰকাৰে অচিৰেই এই ক্ষেত্ৰত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ হোষ্টেলত এক মাৰাথন অভিযান চলাব ।

চৰকাৰে এই কাম সম্পন্ন কৰিব পাৰিলে বিশ্ববিদ্যালয় – মহাবিদ্যালয় সমূহত ৬০ শতাংশ ৰেগিং কমি যাব । অভিযান সন্দৰ্ভত আৰক্ষী আৰু বিশ্ববিদ্যালয়- মহাবিদ্যালয়ৰ কতৃৰ্পক্ষই যৌথভাৱে কাম কৰিলে নিশ্চয় ভাল বাতাবৰণ এটা গঢ়ি উঠিব উচ্চ শিক্ষানুষ্ঠান সমূহ ৷

ইয়ে শৈক্ষিক সমাজখনলৈ এটা ভাল বাৰ্তা যাব বুলি ধ্যান আকৰ্ষক মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version