Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

দুটা মাহত ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে ৬৭ হাজাৰলৈ

WhatsApp Image 2022 12 02 at 13.17.43 1

Kaziranga National Park :
কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ এক আশাৰ ৰেঙনি ৷ দুটা মাহৰ পূৰ্বে পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়াৰ পিছৰে পৰা ৰাষ্ট্ৰীয় অভয়াৰণ্য খনত এক উৎসৱ মুখৰ পৰিবেশ ৷ দেশী- বিদেশী পৰ্যটকে উবুৰি খাই পৰিছে উদ্যান চৌহদত ৷

চলিত বৰ্ষৰ অক্টোবৰ মাহত উদ্যান মুকলি কৰাৰ দুটা মাহত কাজিৰঙা উদ্যান দৰ্শন কৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৬৭,৮৬৩ জনলৈ ৷

আনহাতে অক্টোবৰ মাহটোতে উদ্যানখন দৰ্শন কৰা পৰ্যটকৰ সংখ্যা আছিল ২৭,৩৯৩ গৰাকী,ইয়াৰে বিদেশী পৰ্যটক আছিল ২৭৮ জন ৷ নৱেম্বৰ মাহত ১৩৪০ জন বিদেশী পৰ্যটক সহ মুঠ পৰ্যটক আছিল ৪০,৪৭০ গৰাকী ৷

একেদৰে উদ্যান খনৰ ভিতৰভাগ দৰ্শন কৰিবৰ বাবে হাতী চাফাৰী পৰ্যাপ্ত নোহোৱা বাবে পৰ্যটক সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷
অতিৰিক্তভাৱে হাতী চাফাৰীৰ ব্যৱস্থা কৰিবলৈ তৎপৰ হৈছে উদ্যান কৰ্তৃপক্ষ ৷ উল্লেখ্য যে শীতৰ লহৰ বাঢ়ি অহাৰ লগে লগে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷

ডিচেম্বৰ মাহত যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটাৰ সম্ভাৱনা ব্যক্ত কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ ইতিমধ্যে ডিচেম্বৰ মাহটোৰ বাবে কাজিৰঙাৰ প্ৰায়বোৰ চৰকাৰী- বেচৰকাৰী পৰ্যটক নিৰ্বাহ সমূহ আগতীয়াকৈ বুকিং কৰিছে পৰ্যটকে ৷

Exit mobile version