Maulana Badruddin Ajmal : হিন্দু ধৰ্মীয় মহিলা সন্দৰ্ভত অশালীন ‌মন্তব্য বদৰুদ্দিন আজমলৰ, মুখ্যমন্ত্ৰীক কটাক্ষ

Badruddin Ajmal

Maulana Badruddin Ajmal :

মহিলাৰ বিষয়ে অশালীন মন্তব্য কৰিলে এআইইউডিএফ-ৰ মুৰব্বী বদৰুদ্দিন আজমলে । মুখ্যমন্ত্ৰীৰ লগতে হিন্দু ধৰ্মীয় মহিলাসকলৰ বিষয়ে বিৰূপ মন্তব্য আজমলৰ ।

গুজৰাট নিৰ্বাচনী প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা লাভ জেহাদৰ প্ৰসংগত কটাক্ষ কৰি কয়, “হিন্দুসকলে ৪০ বছৰলৈকে বহুতৰে অবৈধ সম্পৰ্ক ৰাখে । ৪০ বছৰৰ পাছত নোৱাৰাত পৰি বিবাহত বহে । ৪০ বছৰৰ পাছত ক’ত আৰু সৱল সন্তান জন্ম হ’ব । সময়ত খেতি নকৰিলে ভাল ফল কোনেও নাপায় ।”

মুখ্যমন্ত্রী ড: বিশ্ব শৰ্মাক লাভ জেহাদ কৰিবলৈ মুকলি আহ্বান আজমলৰ । তেওঁ লগতে কয় যে প্ৰয়োজন হ’লে মুছলমান যুৱতীক ঘৰত ৰাখি লাভ জেহাদ কৰক ।

ইতিমধ্যে আজমলৰ চূড়ান্ত অশালীন মন্তব্যক লৈ দেশজুৰি প্রতিক্রিয়া আৰম্ভ হৈছে ।

Exit mobile version