Nora Fatehi : দুশ কোটিৰ আর্থিক প্ৰৱঞ্চনাৰ গোচৰত পিংকি ইৰানিক গ্রেপ্তাৰ

নোৰা ফতেহিক পুনৰ তলব ইডি-ৰ

80880695

Nora Fatehi :

সুকেশ চন্দ্রশেখৰ দুশ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে প্রাক্তন টেলিভিছন সঞ্চালক পিংকি ইৰানিক । কিছু দিন পূৰ্বে অভিনেত্রী জেকলিন ফার্নাণ্ডেজে জবানবন্দি দিয়ে আদালতত ।

এইবাৰ পুনৰ মাতি পঠিওৱা হৈছে ৩০ বছৰ বয়সৰ মৰোক্কান সুন্দৰী নোৰা ফতেহিক । শুকুৰবাৰে এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটৰ (ইডি) দপ্তৰত হাজিৰি দিয়ে । অৱশ্যে এয়ে প্রথম নহয়, একাধিকবাৰ ইডি-য়ে মাতিছে নোৰাক ।

প্রতিবাৰেই সহযোগ কৰিছে অভিনেত্রীগৰাকীয়ে । দুদিন পূৰ্বে এই গোচৰত অভিযুক্ত পিংকি ইৰানিক গ্রেপ্তাৰ কৰাৰ পাছত নোৰাক তলব কৰে ইডি-য়ে ।

দুশ কোটি টকাৰ প্রতাৰণাত অভিযুক্ত সুকেশ চন্দ্রশেখৰ । নোৰাই তেওঁৰ পৰা যথেষ্ট উপহাৰ লৈছিল । এই প্রতাৰণা গোচৰত নোৰাক প্ৰশ্নোত্তৰৰ বাবে একাধিকবাৰ তলব কৰিছিল এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে (ইডি) ।

উপহাৰ আদান-প্ৰদানৰ প্রসংগত নোৰাই ইডি-ক জনাইছিল— কেৱল সুকেশে নহয়, তেওঁৰ পত্নী লীনা মাৰিয়া পলেও নোৰাক দামি বেগ আৰু এটা আইফোন উপহাৰ দিছিল ।

‘ডান্স মেৰি ৰানি’-ৰ তাৰকাৰ দাবী, এই সমূহ উপহাৰ ‘টোকেন অৱ লভ’ । ২০২০ত এটা অনুষ্ঠানত নোৰাক আমন্ত্রণো জনাইছিল লীনাই । যদিও সেই আমন্ত্রণ গ্ৰহণ নকৰে নোৰাই ।

জেকলিন বা নোৰাৰ দৰে তাৰকাসকলে সুকেশৰ পৰা প্রয়োজনত সুবিধা লয় — এই অভিযোগৰ উত্তৰত নোৰাই তেওঁৰ অৱস্থান স্পষ্ট কৰি জনায়, সুকেশৰ স’তে কেতিয়াও ব্যক্তিগত স্তৰত তেওঁৰ কোনো সম্পর্ক নাছিল । সেই কথা আগতে স্পষ্টভাৱে জনাইছিল নোৰাই । তদন্তৰ প্রয়োজন অনুযায়ী সহায় কৰিবলৈ তেওঁ প্ৰস্তুত বুলিও জনাইছে ।

‘প্রিভেনছন অৱ মানি লণ্ডাৰিং এক্ট’-ৰ অধীনত ইডি বিষয়াসকলে আগতেই নোৰাৰ বয়ান নথিভুক্ত কৰিছে । এইবাৰ পিংকিৰ গ্রেপ্তাৰিৰ পাছত পুনৰ নোৰাক তলব কৰা হৈছে ।

প্রসংগত, কিছু দিন পূৰ্বে নোৰাক ফিফা বিশ্বকাপৰ গ্ৰেণ্ড ফেন ফেষ্টিভেলৰ প্রস্তুতিত ব্যস্ত থকা দেখা গৈছিল । ৰিহাৰ্ছলৰ ভিডিঅ’ প্রকাশ্যত আহিছিল । কিন্তু বিশ্বকাপৰ উদ্বোধনী আৰু সমাপ্তি অনুষ্ঠানৰ মঞ্চত ৰাষ্ট্ৰীয় পতাকা উলোটাকৈ ধৰি বিপুল কটাক্ষৰ বলি হয় তেওঁ ।

Exit mobile version