Snake : বাংলাদেশত পোৱা গৈছে বিৰল প্ৰজাতিৰ ঢোৰাসাপ 

WhatsApp Image 2022 12 02 at 17.47.04

Snake :

এটা নতুন প্ৰজাতিৰ ঢোৰাসাপ পোৱা গৈছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ।

ইতিপূৰ্বে বাংলাদেশৰ গৱেষকে দেশখনৰ সমতল, নদী-বিল-জলাশয়, সামুদ্ৰিক অঞ্চলকে আদি কৰি বিভিন্ন ঠাইত ৯৩ বিধ সাপৰ বিচৰণৰ ৰেকৰ্ড কৰাৰ পিছতে এই নতুন প্ৰজাতিৰ সাপৰ উপস্থিতি ধৰা পৰাৰ পিছত এই সংখ্যা ৯৪ টালৈ বৃদ্ধি পালে বুলি সদৰী কৰিছে ।

প্ৰাপ্ত তথ্য অনুসৰি , ডিপ ইক’লজি এণ্ড স্নেক ৰেচকিউ ফাউণ্ডেশ্যনৰ ৰিচাৰ্ড এণ্ড পাৱলিকেশ্যন উইংকৰ চাৰ্জন গৱেষকে এই গৱেষণা সম্পন্ন কৰি এইকথা উল্লেখ কৰিছে । ইতিমধ্যে বাংলাদেশৰ কে’বাখনো সংবাদ পত্ৰত এই বিষয়ে বিস্তৃত লিখনী প্ৰকাশ হৈছে ।

এই সন্দৰ্ভত গৱেষক দলটোৰ অন্যতম গৱেষক তথা বন্যপ্ৰাণী আলোকচিত্ৰ শিল্পী আদনান আজাদে কয় যে , বাংলাদেশত এক নতুন প্ৰজাতি সাপ উদ্ধাৰ হৈছে । ইয়াৰ নাম হৈছে ,’দাগিঘাড়-ঢোঁৰা ।‘

যাৰ ইংৰাজী নাম হৈছে ,’Bar-Necked Keelback’ । দেশখনে এই বিৰল প্ৰজাতিৰ সাপটোৰ তথ্য প্ৰকাশ কৰিবলৈ প্ৰায় ডেৰ বছৰ সময় লৈছিল । ইতিমধ্যে গৱেষকসকলে সাপটোৰ বাইটকেচ হিষ্ট্ৰি লিপিবদ্ধ কৰিছে ।

এই বিৰল সাপটোৰ সন্ধানত গৱেষকৰ দলটোৱে দেশখনৰ ১৬ খন জিলাৰ নদী ও জলাশয় পৰ্যবেক্ষণ কৰিছিল । য’ত এই বিৰল সাপটো কে’বাবাৰো গৱেষকসকলে দেখিবলৈ পাইছিল ।

সাপটো দেখিবলৈ সাধাৰণ ঢোৰা সাপৰ দৰে লাগিলেও বিশেষত এই সাপটোৰ গাত এটা দাগ আছিল । যিটো দাগৰ পৰাই গৱেষকসকল নিশ্চিত হয় যে , বাংলাদেশত নতুনকৈ উদ্ধাৰ হোৱা ই এটা বিৰল প্ৰজাতিৰ ঢোৰাসাপ ।

দেশত প্ৰথিতযশা বন্যপ্ৰাণী গৱেষক তথা আলোকচিত্ৰ শিল্পী প্ৰফেচৰ ড : মনিৰুল খানে কয় যে , এই সাপটো দেশখনৰ কম সংখ্যক ঠাইতহে পোৱা গৈছে । কিন্তু মোৰ মনে কৈছে এই বিৰল সাপ দেশখনৰ সকলো ঠাইতে বিচৰণ কৰি আছে ।

ইফালে এই বিৰল ঢোৰাসাপটো অন্য সাধাৰণ ঢোৰাসাপৰ দৰে লাগিলেও প্ৰকৃতিত ইয়াৰ উপস্থিতি কিছু বেলেগ । প্ৰজাতিৰ পাৰ্থক্যৰ বাবেই ইয়াৰ আৱিষ্কাৰ এক বিৰল ঘটনা ৰূপে পৰিগণিত হৈছে ।

ই খাদ্য হিচাপে সৰু মাছ , বেং , এন্দুৰৰ দৰে ক্ষতিকাৰক প্ৰাণী খায় খাদ্য় শংখলত এক অসাধাৰণ ভূমিকা পালন কৰে ।

Exit mobile version