Winter Season : শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিবলৈ আপুনি ৰুম হিটাৰ কিনাৰ কথা ভাবিছে নেকি ?

তেন্তে ইয়াৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে, জানিবলৈ পঢ়ক –

widget

Winter Season :

বৰ্তমান শীতৰ সময় । ঠাণ্ডাৰ পৰা বাচিবলৈ বহুতে এই সময়ছোৱাত ৰুম হিটাৰ ক্ৰয় কৰে । শীতকালত হিটাৰৰ আৱশ্যক হয় যদিও আমি কেতিয়াও হয়তো ভাবি নেচাও যে , ইয়াৰ কিছুমান বেয়া প্ৰভাৱ আছে । কাৰণ একাংশ বিশেষজ্ঞই ৰুম হিটাৰ এক ক্ষতিকাৰক সামগ্ৰী বুলি উল্লেখ কৰিছে ।

১/ হিটাৰৰ ভিতৰত বিভিন্ন ধৰণৰ ধাতব আৰু চিৰামিক উপাদান থাকে । যি ৰুমত উত্তাপ উৎপন্ন কৰে । ফলত সংলগ্ন হৈ থকা সমগ্ৰ অঞ্চলত বতাহৰ আৰ্দ্ৰতা কমি যায় । এই ক্ৰিয়া কৰোতে হিটাৰে বতাহত থকা অক্সিজেন দহন কৰে । যাৰবাবে বেছি সময় হিটাৰ জ্বলালে মানুহৰ ছাল শুকান হৈ পৰা দেখা যায় । অত্যাধিক হিটাৰ ব্যৱহাৰ কৰিলে কেতিয়াবা মানুহৰ শ্বাস-প্ৰশ্বাসতো জটিলতা আহিব পাৰে আৰু বমি ভাৱৰ উদ্ভৱ হ’ব পাৰে । তেনেক্ষেত্ৰত ৰুম হিটাৰ ব্যৱহাৰ কৰা কোঠাটোত বতাহ চলা-চল কৰা সুবিধা থকাটো খুবেই জৰুৰী ।

২/ হেলজেন হিটাৰৰ পৰা না-না ধৰণৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয় । যি পদাৰ্থ হাঁপানি আৰু এলাৰ্জিৰ বাবে খুবেই মাৰাত্মক । বিশেষকৈ এলাৰ্জি বা হাঁপানি থকা লোকৰ বাবে হিটাৰ অত্যন্ত ক্ষতিকাৰক । সমান্তৰালকৈ ব্ৰংকাইটিছ আৰু চাইনাছাইটিছ থকা লোক হিটাৰৰ পৰা দূৰৈত থকাই ভাল । যিসকলৰ শ্বাসজনিত সমস্যা আছে , তেওঁলোকে সাধাৰণ হিটাৰৰ বদলি আন ধৰণৰ অয়েল হিটাৰ ব্যৱহাৰ কৰাই ভাল ।

৩/ গেছৰ হিটাৰ ব্যৱহাৰ কৰাটো অধিক বিপদজনক । এই ধৰণৰ হিটাৰৰ পৰা কাৰ্বন মন’অক্সাইড নিৰ্গত হয় । যি বিশেষকৈ শিশু আৰু বয়স্ক লোকৰ কাৰণে খুবেই ক্ষতিকাৰক । এইধৰণৰ হিটাৰ চলাই ৰাখিলে উৎপন্ন হোৱা তাপ , বাহিৰৰ তাপমাত্ৰাতকৈ অধিক বেছি হয় । ফলত বাহিৰৰ ঠাণ্ডাৰ পৰা হঠাৎ গৰম তাপমাত্ৰাত সোমালে শৰীৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক হয় ।

Exit mobile version