Hacking : এইবাৰ তামিলনাডুৰ ব্যক্তিগত চিকৎসালয়ত হেকাৰৰ আক্ৰমণ ! ডেৰ লাখ ৰোগীৰ তথ্য বিক্ৰী ?

WhatsApp Image 2022 12 03 at 20.35.03

Hacking :

দিল্লীৰ এইমছৰ পাছত, এইবাৰ তামিলনাডুৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চাৰ্ভাৰত হেকাৰ-আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। সেই চিকিৎসালয়খনৰ কমেও ডেৰ লাখ ৰোগীৰ তথ্য অনলাইনত বিক্ৰী কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে।

তামিলনাডুৰ শ্ৰী চৰণ চিকিৎসা চেণ্টাৰ নামৰ এখন চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত প্ৰায় ডেৰ লাখ ৰোগীৰ তথ্য ডাৰ্ক ৱেবৰ জৰিয়তে অপৰাধীসকলক বিক্ৰী কৰা হৈছে।

এই অভিযোগ কৰিছে চাইবাৰ আক্ৰমণকাৰীসকলক নিৰীক্ষণ কৰা সংগঠন ক্লাউডচিকে । সংস্থাটোৱে জনাইছে যে চিকিৎসালয়ৰ ৰোগীসকলৰ তথ্য ৰাখিবলৈ ব্যৱহৃত বিক্ৰেতাৰ চাৰ্ভাৰটো হেক কৰা হৈছে ।

হেকাৰসকলে ৰোগীৰ নাম, ঠিকনা, জন্ম তাৰিখ, পিতৃ-মাতৃ আৰু চিকিৎসকৰ নাম বিক্ৰী কৰিছে। সেইকাৰণে তেওঁলোকে অনলাইনত বিজ্ঞাপন দিছে । লগতে অভিযোগ কৰা হৈছে যে ডাটাবেচটো প্ৰতিজন ৰোগীৰ তথ্যৰ বাবে ১০০ডলাৰ তকৈ অধিক বা ভাৰতীয় মুদ্ৰাত আঠ হেজাৰ টকাতকৈ অধিক মূল্য বিচাৰিছিল বুলিও অভিযোগ ।

ক্লাউডচিকে লগতে দাবী কৰে যে যিসকলে ৰোগীৰ ডাটাবেছৰ একমাত্ৰ গৰাকী হ’ব বিচাৰে, তেওঁলোকৰ বাবে এই হাৰ ভাৰতীয় মুদ্ৰাত ৩০০ ডলাৰ বা প্ৰায় ২৪ হেজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।

হেকাৰসকলে আনকি অনলাইনত বিজ্ঞাপন দিছিল যে তথ্যবোৰ পুনৰ বিক্ৰী কৰিলে ইয়াৰ মূল্য প্ৰায় ৩২ হেজাৰ টকালৈ বৃদ্ধি হ’ব। অৱশ্যে, এই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা তাৎক্ষণিকভাৱে কোনো মন্তব্য পোৱা নাই।

দৰাচলতে, এইমছৰ পাঁচটা চাৰ্ভাৰত চাইবাৰ আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে। সূত্ৰ অনুসৰি, চীনা হেকাৰসকলে এইমছত চিকিৎসাধীন হৈ থকা ভিভিআইপিকে ধৰি বহুতো ৰাজনীতিবিদৰ তথ্য সংগ্ৰহ কৰিছে আৰু ইয়াক ডাৰ্ক ৱেবত বিক্ৰী কৰিছে। অৱশ্যে, এইমছ কৰ্তৃপক্ষই হেকিংৰ অভিযোগ অস্বীকাৰ কৰিছে।

Exit mobile version