Lifestyle : ভুলতো ঘৰত এই চাৰিবিধ গছ নুৰুব ! আহিব পাৰে অৰ্থনৈতিক সংকট 

Plant vastu tips 780x470 1

Lifestyle :

আপোনাৰো নিশ্চয় গছ ৰোপণ কৰাৰ চখ আছে ! বাটে-পথে কোনো গছ দেখিলে ঘৰলৈ লৈ যোৱাৰ মন হয় । কিন্তু বাস্তু শাস্ত্ৰই কিছুমান গছ ৰোৱলৈ বাধা দিছে । যদি আপুনি বাস্তুৰ নিয়ম মানে , তেন্তে কেতিয়াও এনেধৰণৰ গছ ঘৰত নুৰুব ।

আপোনাৰ উন্নতিত বাধা দিব এইধৰণৰ গছে । অৰ্থনৈতিক সংকটে দেখা দিব আপোনাৰ ঘৰত । বাস্তুয়ে ঘৰত ৰুৱলৈ বাধা দিয়া এই গছ কেইবিধ কি কি ? যি আপোনাৰ জীৱনত বেয়া প্ৰভাৱ পেলাব পাৰে ।

১/ ঘৰত কেতিয়াও কাঁইটজাতীয় গছ ৰুব নেলাগে । এই গছে আপোনাৰ জীৱন একেবাৰে নষ্ট কৰি দিব পাৰে । ঘৰৰ আশে-পাশে কোনো কাৰণতে কেকটাছ জাতীয় গছ ৰাখিব নেলাগে আৰু থাকিলেই তৎক্ষণাত কাটি পেলাব লাগে ।

২/ কেতিয়াবা ঘৰৰ ফুলনিখন সজাবলৈ বিভিন্ন বিভিন্ন গছ বনচাই কৰি ৰখা হয় । কিন্তু বনচাই কৰা কোনো গছ কেতিয়াও ঘৰত ৰাখিব নেলাগে । ই আপোনাৰ ঘৰখনলৈ অৰ্থনৈতিক সংকটক আমন্ত্ৰণ দিব ।

৩/ ঘৰত কেতিয়াও বট গছ ৰাখিব নেলাগে । আমি সাধাৰণতে মন্দিৰ বা নামঘৰৰ কাষত বট গছ ৰোৱা দেখা পাওঁ । মন্দিৰ বা নামঘৰৰ কাৰণে এই গছ কাষত থাকিলে ভাল যদিও ঘৰৰ চৌহদত এনে ডাঙৰ গছ থকাতো একেবাৰে শুভ লক্ষণ নহয় ।

৪/ ঘৰত কেতিয়াও খেজুৰ গছ ৰুৱ নেলাগে । আমাৰ বহুতেই খেজুৰৰ কাৰণে খেজুৰ গছ ৰোৱা দেখা যায় যদিও বাস্তুশাস্ত্ৰই খেজুৰ গছ ঘৰত ৰোৱাত বাধা দিছে ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো বাস্তুশাস্ত্ৰৰ নীতিৰ ওপৰত আধাৰিত । এই লিখনী যোগেদি কোনো কুসংস্কাৰক প্ৰশ্ৰয় দিয়াটো আমাৰ উদ্দেশ্য নহয় ।

Exit mobile version